ETV Bharat / state

মহানগৰীলৈ ঘূৰি আহিছে স্বাভাৱিক জীৱন যাত্ৰা

কিছুমান নীতি নিৰ্দেশনা মানি দোকান-পোহাৰ, যাতায়ত, কার্যালয় আদি বিভিন্ন ক্ষেত্ৰসমূহ পুনৰ অব্যাহত কৰাৰ অনুমতিক আদৰণি মহানগৰবাসীৰ ।

author img

By

Published : May 4, 2020, 3:11 PM IST

lockdown relaxation in guwahati
lockdown relaxation in guwahati

গুৱাহাটী, 4 মে': সোমবাৰৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ লক্ ডাউনত গ্ৰীন জ'নত থকা অঞ্চল সমূহৰ নীতি-নিয়ম কিছু পৰিমাণে শিথিলৰ নিৰ্দেশনা প্ৰদান কৰিছে । দোকান-পোহাৰ খোলাৰ পৰা আৰম্ভ কৰি যাতায়তৰ ক্ষেত্ৰতে হওঁক বা কার্যালয় সমূহতেই হওঁক, চৰকাৰে কিছুমান নীতি নিৰ্দেশনা মানি পুনৰ আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে, লক্ ডাউনৰ সময়ত মূল্য বৃদ্ধিৰ পৰা কিছু সকাহ পাব বুলি আশা প্ৰকাশ কৰিছে ৰাইজে । চৰকাৰে গ্ৰীন জ'নত প্ৰদান কৰা শিথিলতাৰ পিচত মহানগৰীত ব্যৱসায়ী সকলে খাদ্য সামগ্ৰী আমদানি কৰিবলৈ সক্ষম হোৱাৰ পিচত, মূল্য বৃদ্ধি কিছু পৰিমাণে হ'লেও নিয়ন্ত্ৰণলৈ আহিব বুলি আশাবাদী গুৱাহাটীবাসী ।

লক্ ডাউন শিথিলঃ মহানগৰীত ঘূৰি আহিছে স্বাভাৱিক জীৱন যাত্ৰা

লক্ ডাউনৰ সময়ত বহু লোকে প্ৰয়োজনীয় ঔষধ ক্ৰয় কৰাৰ ক্ষেত্ৰতো সন্মুখীন হৈছিল বহু সমস্যাৰ । এতিয়া এই সমস্যা সমূহৰো সমাধান ওলাব বুলি আশা বহুতৰ মাজত । আনহাতে প্ৰায় ডেৰ মাহৰ বন্ধৰ পিচত বহু দোকানৰ সামগ্ৰী নষ্ট হোৱা বুলি জানিবলৈ দিছে ব্যৱসায়ী সকলে । ইয়াৰ মাজতো ব্যৱসায়ী সকলে জনতাক চৰকাৰী নিৰ্দেশনা মানি মাস্ক ব্যৱহাৰ কৰাৰ লগতে, দূৰত্ব বজাই চলিবলৈ আহ্বান জনাইছে । উল্লেখ্য যে, তৃতীয় পৰ্যায়ৰ লক্ ডাউনত গ্ৰীন জ'নত থকা অঞ্চল সমূহত শিথিলতা প্ৰদান কৰাৰ পিচত, গুৱাহাটীত স্বাভাৱিক জীৱন যাত্ৰা পূৰ্বৰ দৰে ঘূৰি অহা পৰিলক্ষিত হৈছে । একাংশ দোকান খোলাৰ লগতে ৰাজপথত বিভিন্ন বাহন চলাও পৰিলক্ষিত হৈছে মহানগৰীত ।

লগতে পঢ়কঃ পুনৰ মুকলি হ'ল শৰাইঘাটৰ পুৰণি দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.