ETV Bharat / state

হাতীগাঁৱত লক ডাউন উলংঘা কৰি বজাৰত ভিৰ

লক ডাউন অমান্য কৰি মহানগৰীৰ হাতীগাঁৱত মাছ-মঙহ কিনিবলৈ হাজাৰ-হাজাৰ লোকৰ হেতা ওপৰা ৷ লক ডাউনৰ সময়ত এনে দৃশ্য দেখি চকু কপালত উঠিছে সচেতন মহলত ৷

ETV BHARAT
হাতীগাঁৱত লক ডাউন উলংঘা কৰি বজাৰত ভিৰ
author img

By

Published : Apr 17, 2020, 7:15 PM IST

গুৱাহাটী, 17 এপ্ৰিলঃ মহানগৰীৰ হাতীগাওঁ খানকাৰ দোৱাত বজাৰত শুকুৰবাৰে লক ডাউন অমান্য কৰি বজাৰলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক ৷ বজাৰত উপস্থিত লোকৰ নাই কোনো মাস্ক অথবা দুৰত্ব ৷

হাতীগাঁৱত লক ডাউন উলংঘা কৰি বজাৰত ভিৰ

যি সময়ত সমগ্ৰ বিশ্বতেই মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে আতংকৰ সৃষ্টি হৈছে, সেইটো সময়তে লক ডাউন অমান্য কৰি গুৱাহাটীৰ হাতীগাঁৱৰ খানকাৰ দোৱাত বজাৰত দেখিবলৈ পোৱা যায় এক ভয়াবহ দৃশ্য । খানকাৰ দোৱাত বজাৰত পুৱতি নিশাৰে পৰা একাংশই পাচলি আৰু মাছৰ বজাৰ চলাই থকাত বজাৰখনত ভিৰ কৰে হজাৰ হাজাৰ লোকে। পাচলি আৰু মাছ ক্ৰয় কৰিবলৈ অহা লোকে বজাৰখনত কোনো ধৰণৰ সামাজিক দুৰত্ব বজাই নৰখাও পৰিলক্ষিত হয় । এনে ভয়াৱহ দৃশ্য প্ৰত্যক্ষ কৰি অঞ্চলটোৰ এজন সচেতন যুৱকে সমগ্ৰ দৃশ্য বন্দী কৰি ৰাখে নিজৰ মোবাইল কেমেৰাত । ইয়াৰ উপৰিও হাতীগাঁৱৰ সিজুবাৰি পাঁচ আলিতো লক ডাউন উলংঘা কৰি থকাৰ অভিযোগো উত্থাপিত হৈছে। মহানগৰীৰ এনে দৃশ্যই মহানগৰবাসীলৈ বিপদ মাতি অনাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।

লগতে পঢ়ক- জুৰীয়াত অগ্নিকাণ্ড: ঘটনাৰ সৈতে জড়িত এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.