ETV Bharat / state

Liquor sale in Guwahati: দীপাৱলীৰ দুটা দিনত ৫.৯৭ কোটি টকাৰ সুৰা বিক্ৰী গুৱাহাটীত - Liquor sale on Diwali in Guwahati

দুটা দিনত প্ৰায় 6 কোটি টকাৰ সুৰা গিলিলে মহানগৰবাসীয়ে ৷ দীপাৱলীৰ দুটা দিনত অৰ্থাৎ গুৱাহাটীত ২৪ অক্টোবৰত ২ কোটি ৫৬ লাখ ৭০ হাজাৰ টকাৰ আৰু ২৫ অক্টোবৰত ২ কোটি ৪৪ লাখ ৬২ হাজাৰ টকাৰ সুৰা বিক্ৰী হয় (Liquor sale on Diwali in Guwahati)।

Liquor sale in Guwahati
দীপাৱলীৰ দুটা দিনত ৫.৯৭ কোটি টকাৰ সুৰা বিক্ৰী গুৱাহাটীত
author img

By

Published : Oct 26, 2022, 7:39 PM IST

গুৱাহাটী, ২৬ অক্টোবৰ : পুনৰ গুৱাহাটী মহানগৰীত সুৰা বিক্ৰীয়ে গঢ়িলে অভিলেখ (Liquor sale records in Guwahati)৷ দীপাৱলীৰ দুটা দিনত গুৱাহাটী মহানগৰীত বিক্ৰী হ'ল প্ৰায় ছয় কোটি টকাৰ সুৰা ।

দীপাৱলীৰ দুটা দিনত ৫ কোটি ৯৭ লাখ টকাৰ সুৰা বিক্ৰী হয় ৰাজধানী চহৰখনত (Liquor sale on Diwali in Guwahati)। দৈনিক আঢ়ৈ কোটি টকাৰো অধিক মূল্যৰ সুৰা বিক্ৰী হয় গুৱাহাটী মহানগৰীত । ২৪ অক্টোবৰত ২ কোটি ৫৬ লাখ ৭০ হাজাৰ টকাৰ আৰু ২৫ অক্টোবৰত ২ কোটি ৪৪ লাখ ৬২ হাজাৰ টকাৰ সুৰা বিক্ৰী হয় ।

উল্লেখ যে, দুৰ্গা পূজাৰ সময়তো গুৱাহাটী মহানগৰত সুৰা বিক্ৰীয়ে গঢ়িছিল অভিলেখ । দুৰ্গা পূজাত গুৱাহাটীত ১৬.৮০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল । উল্লেখ্য যে দুবছৰীয়া ক'ভিড পৰিস্থিতিৰ পাছত ৰাইজে মুকলি মনেৰে সকলো উৎসৱ উপভোগ কৰাৰ লগতে সুৰাপায়ীসকলেও মুকলি মনেৰে পান কৰিলে সুৰা । যাৰ বাবে সুৰা বিক্ৰীৰ ক্ষেত্ৰত সৃষ্টি হ'ল অভিলেখ ।

বিশ্বকৰ্মা পূজাৰ দিনটোতো গুৱাহাটীত বিক্ৰী হৈছিল মুঠ ৬.২০ কোটি টকাৰ সুৰা । বিগত বৰ্ষৰ তুলনাত ৫০ শতাংশ অধিক সুৰা বিক্ৰী হৈছে এইবাৰ । নৱবৰ্ষ, দুৰ্গা পূজা আদি বিভিন্ন উৎসৱ-পাৰ্বনত নতুন নতুন অভিলেখ গঢ়ি সুৰা বিক্ৰী ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে (Guwahati liquor sale records)।

লগতে পঢ়ক : GMC Scam: বোকা নিষ্কাশন কেলেংকাৰীৰ ৯ অভিযুক্তক জেললৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.