গুৱাহাটী, 29 মাৰ্চঃ লক ডাউনৰ সময়ত আৰক্ষীৰ লগতে আৱকাৰী বিভাগৰ অবৈধ সুৰা ঘাটিৰ বিৰুদ্ধে অভিযান । দেওবাৰে কেইবাটাও অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰিলে আৱকাৰী বিভাগে । হেঙেৰাবাৰীৰ লিচুবাগানস্থিত নামনি শিৱনগৰৰ সমীপত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় আৱকাৰী বিভাগৰ সহযোগত আৰক্ষীয়ে ৷ স্থানীয়ৰ অভিযোগৰ ভিত্তিতে অঞ্চলটোৰ দুটা বৃহৎ ঘাটিত আৱকাৰী বিভাগে অভিযান চলাই উচ্ছেদ কৰিবলৈ সক্ষম হয় । লগতে অভিযানৰ সময় কেইবা লক্ষধিক সুৰা প্ৰস্তুত কৰা সামগ্ৰী ধ্বংস কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।
উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি চলি আছিল এই সুৰাৰ ঘাটি কেইটা । ৰাইজে বহুবাৰ সুৰা প্ৰস্তুতকাৰী কানু ৰাভা নামৰ ব্যক্তিজনক ঘাটি বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল যদিও ৰাইজৰ নিৰ্দেশনা নামনি চলাই আহিছিল এই অবৈধ সুৰাৰ বেহা ।
আৰু পঢ়কঃ কৰ'ণা ভাইৰাছ : চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বৃহৎ কোম্পানীসমূহ