গুৱাহাটী, 21 আগষ্ট : মহানগৰীৰ মালিগাঁৱৰ আদিনগিৰীত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু এটি ৬ বছৰীয়া শিশুৰ । মৃত শিশুটিৰ নাম শিৱম কুমাৰ বুলি জানিব পৰা গৈছে । ঘটনা অনুসৰি ঘৰৰ বাহিৰত বন্ধুৰে খেলি আছিল শিশুটিয়ে । তেনেতে ডিঙিত কামুৰি শিশুটিক চোঁচৰাই লৈ যায় এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে ।
পিচত স্থানীয় লোকৰ চিঞৰ-বাখৰত পেলাই থৈ যায় কণমানিটোক । অতি সংকটজনক অৱস্থাত মালিগাঁও সঞ্জীৱনী হাস্পতাললৈ শিশুটিক লৈ যোৱা হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে । বৰ্তমান ঘটনাস্থলীত গোশালা আৰক্ষী উপস্থিত হৈ সকলো দিশ তদাৰক কৰিছে । কিন্তু এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । উল্লেখযোগ্য যে অঞ্চলটোত এয়াই প্ৰথম এনে ঘটনা নহয়, পূৰ্বেও কেইবাগৰাকী লোকক আক্ৰমণ কৰিছে নাহৰফুটুকীয়ে ।
লগতে পঢ়ক : প্ৰেমৰ কৰুণ পৰিণতি: প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ