গুৱাহাটী, ২০ মে': সকলো ৰাজনৈতিক চৰ্চা আৰু আলোচনা বিলোচনাৰ অন্ত পেলাই বৃহস্পতিবাৰে কংগ্ৰেছ দলে ঘোষণা কৰিলে পঞ্চদশ অসম বিধানসভাত বিৰোধী দলপতিৰ নাম নাজিৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়া । উল্লেখযোগ্য যে, কংগ্ৰেছে পুনৰবাৰ শইকীয়াক বিৰোধী দলপতি হিচাপে মনোনীত কৰিছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বৃহস্পতিবাৰে অসম বিধানসভাৰ অধ্যক্ষক এক পত্ৰ যোগে অৱগত কৰিছে এই কথা ।
আনহাতে, বিধানসভাৰ উপ দলপতিৰূপে মনোনিত কৰা হৈছে বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক । মুখ্য সচেতক ৰূপে দায়িত্ব দিয়া হৈছে বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীক । উপ-মুখ্য সচেতকৰ দায়িত্ব ন্যস্ত কৰা হৈছে বিধায়ক কমলাক্ষ দে' পুৰকায়স্থক । বিধায়িনী দলৰ সচিব হ’ব বিধায়ক ৰূপজ্যোতি কুৰ্মী । একেদৰে, কংগ্ৰেছ বিধায়িনী দলৰ মুখপাত্ৰ হ’ব বিধায়ক সুশান্ত বৰগোহাঁই আৰু কোষাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে বিধায়ক ৰেকিবুদ্দিন আহমেদক ।
লগতে পঢ়কঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নিশা ছাডেন ভিজিট উপায়ুক্ত