ETV Bharat / state

LPG Price Reduce : ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস সন্দৰ্ভত বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া - ৰাখী বন্ধন

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ তেওঁ কয় যে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মিত্ৰজোঁটৰ ভয়ত বিজেপি চৰকাৰে এনেদৰে মূল্য হ্ৰাস কৰিছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৷

Leader of Opposition Debabrata Saikia
ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া
author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:07 PM IST

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস সন্দৰ্ভত প্ৰতিক্ৰিয়া দেৱব্ৰত শইকীয়াৰ

গুৱাহাটী, 30 আগষ্ট : হ্ৰাস হ'ল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৷ ৰাখী বন্ধন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হ্ৰাস কৰিলে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৷ উল্লেখ্য যে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 200 টকা হ্ৰাস কৰা হৈছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

তেওঁ কয় যে চৰকাৰে ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম দুশ টকাকৈ হ্ৰাস কৰিছে ৷ বৰ্ত্তমান সময়ত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 1,150 টকাৰ পৰা 1,200 টকা ৷ দুশ টকা হ্ৰাস হ'লে 950 টকাৰ পৰা 1000 টকা হ'ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৷ তেওঁ কয় যে ৰাখী বন্ধনৰ উপহাৰ হিচাবে এই মূল্য হ্ৰাস কৰাক লৈ বহুতে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে ৷ কিন্তু এই কথা পাহৰিলে নহ'ব যে কংগ্ৰেছৰ শাসন কালত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 500 টকাও নাছিল ৷ 2014 চনত 410 টকাৰ পৰা 440 টকাৰ ভিতৰত আছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৷ বিজেপিয়ে ভাল দিনৰ সপোন দেখুৱাই সেই ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 9 বছৰত হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰিলে বুলি তেওঁ কয় ৷

তেওঁ লগতে কয় যে মূল্য অভাৱনীয়ভাৱে বৃদ্ধি কৰ‍াৰ পাছত এতিয়া দুশ টকা কমাই দিছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৷ ইতিমধ্যে কংগ্ৰেছে কৰ্ণাটক, ছত্তিশগড়, ৰাজস্থান আদি ৰাজ্যত 500 টকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ ৰাইজক প্ৰতিশ্ৰুতি অনুসৰি দিবলৈ সক্ষম হৈছে ৷ তেওঁ লগতে কয় যে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মিত্ৰজোঁটৰ ভয়ত বিজেপি চৰকাৰে এনেদৰে মূল্য হ্ৰাস কৰিছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৷ লগতে বিৰোধী দলপতি গৰাকীয়ে চৰকাৰক সকলো সামগ্ৰীৰে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ বাবেও দাবী জনায় ৷

লগতে পঢ়ক : MLA Bharat Narah Press Meet: বিজেপিৰ ওপৰ মহলৰ সন্ধান লাগে কংগ্ৰেছক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.