গুৱাহাটী, 17 অক্টোবৰ : অকলশৰীয়া হ'ল প্ৰয়াত এছ আই জোনমণি ৰাভাৰ মাতৃ । অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কৰুণা ৰাভাই ৷ মে’ মাহত জোনমণি ৰাভাৰ ৰহস্যজনকভাৱে মৃত্যুৰ পিচতে মাতৃক নিথৰুৱা কৰি অজান দেশলৈ গুচি গ’ল পুত্ৰ । জি এম চি এইচত চিকিৎসাধীন অৱস্থাত আজি মৃত্যু হয় প্ৰয়াত জোনমণি ৰাভাৰ ভাতৃ কৰুণা ৰাভাৰ ।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত ভূগি আছিল কৰুণা ৰাভা । প্ৰায় এমাহ ধৰি কৰুণা ৰাভা জি এম চি এইচত চিকিৎসাধীন হৈ আছিল ৷ মঙলবাৰে সন্ধিয়া 6.40 বজাত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় কৰুণাৰ । বিগত দুমাহৰো অধিক সময় গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কৰুণাক আৰ্থিক অভাৱৰ বাবে প্ৰায় এমাহ পূৰ্বে জি এম চি এইচলৈ স্থানান্তৰিত কৰা হৈছিল ।
ইফালে চৰকাৰেও কৰুণা ৰাভাৰ চিকিৎসাৰ বাবে সহায়ৰ আশ্বাস দিছিল প্ৰয়াত জোনমণি ৰাভাৰ মাতৃক ৷ কন্যাৰ মৃত্যুৰ পাচত বৃ্দ্ধ মাতৃৰ কণাৰ লাখুটি স্বৰূপ কৰুণা ৰাভাৰ মৃত্যুত নিৰুপায় হৈ পৰিছে জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা ৷
ইতিমধ্যে জি এম চি এইচৰ পৰা কাহিলীপাৰা দক্ষিণ গাঁওস্থিত নিজ ঘৰলৈ লৈ যোৱা হৈছে কৰুণ ৰাভাৰ মৃতদেহ । পুত্ৰৰ মৃত্যুৰ পাচতে কান্দোনত ভাগি পৰিছে অসহায় মাতৃ ৷ বিগত 15 মে' ৰ পুৱতি নিশা এছ আই জোনমনি ৰাভাৰ ৰহস্যজনকভাৱে পথ দুৰ্ঘটনাত মৃত্যু হৈছিল । সেই ঘটনাৰ তদন্ত চি বি আইক প্ৰদান কৰা হৈছিল । দুৰ্ঘটনাৰ বাবেই মৃত্যু হৈছিল নে পৰিকল্পিতভাৱে জোনমণিক হত্যা কৰা হৈছিল তাকে লৈ চি বি আইৰ তদন্ত অব্যাহত আছে ৷