গুৱাহাটী, ৫ অক্টোবৰ: অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে কেতিয়া ছীল হ'ব ! এই প্ৰশ্নৰ যেন উত্তৰ কাৰো ওচৰত নাই । আনহাতে বৰ্তমান সময়ত কোনেও যেন এই বিষয়টোক লৈ অলপো চিন্তিত নহয় । দল-সংগঠনসমূহো এতিয়া এই বিষয়ত নিৰৱ আৰু নিৰ্বিকাৰ । লক্ষণীয় বিষয় যে অসম চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰায় ৩৮বছৰ হ’ল যদিও আজিও চুক্তি অনুসৰি বাংলাদেশ সীমান্ত ছীল নহ'ল । এতিয়াও অসম-বাংলাদেশ সীমান্তৰ বৃহৎ এলেকা উন্মুক্ত হৈ আছে । আনহাতে কেতিয়া ছীল হ'ব তাৰো কোনো নিশ্চয়তা নাই । কাৰণ বিবদমান হৈ থকা কাছাৰ-কৰিমগঞ্জ খণ্ডৰ উন্মুক্ত সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণৰ বাবে ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰে মীমাংসাত উপনীত হ’ব পৰা নাই ।
![Assam-Bangladesh border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-10-2023/as-ghy-01-large-areas-on-the-assam-bangladesh-border-are-still-open-due-to-the-govts-apathy-7209925_05102023131434_0510f_1696491874_35.jpeg)
ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে ২০১৭ চনত বিষয়টোক লৈ বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰিছিল যদিও বিষয়টোৰ কোনো মীমাংসা নহ'ল । আনহাতে নতুনকৈ দুয়ো দেশৰ মাজত বিবাদ নিষ্পত্তিৰ প্ৰচেষ্টা চলা নাই । যাৰ ফলত ব’ৰ্ডাৰ গার্ড বাংলাদেশে (বি ডি বি) দিয়া বাধাৰ ফলত বিগত কেইবা বছৰে কাছাৰ-কৰিমগঞ্জ খণ্ডৰ ৪.৩৫ কিল'মিটাৰ দৈৰ্ঘৰ অসম-বাংলাদেশ সীমান্ত কাঁইটীয়া তাঁৰ বেৰহীন হৈ আছে । অসম-বাংলাদেশ সীমান্তৰ প্ৰায় অংশ কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি ৰাজ্য চৰকাৰে দাবী কৰে যদিও কাছাৰ-কৰিমগঞ্জ খণ্ডৰ লগতে ধুবুৰী-মানকাচৰ খণ্ডত মুঠ তিনিটা স্থান এতিয়াও উন্মুক্ত হৈ আছে। এই কথা গৃহ বিভাগৰ তথ্যত প্ৰকাশ ।
![Assam-Bangladesh border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-10-2023/as-ghy-01-large-areas-on-the-assam-bangladesh-border-are-still-open-due-to-the-govts-apathy-7209925_05102023131434_0510f_1696491874_35.jpeg)
গৃহ বিভাগৰ তথ্য মতে উন্মুক্ত হৈ থকা সীমান্তৰ আন দুটা এলেকা হ’ল ডুমাবাৰী আৰু সৰিষা-কুছিয়াৰকুল । কাছাৰ-কৰিমগঞ্জ খণ্ডৰ উন্মুক্ত হৈ থকা সীমাৰ বেৰা নিৰ্মাণৰ ক্ষেত্ৰত বাংলাদেশ ব’ৰ্ডাৰ গাৰ্ডৰ স্থিতি হ’ল ন’ মেনছ লেণ্ডত থকা ১৫০ মিটাৰৰ ভিতৰত কোনো স্থায়ী নিৰ্মাণ হ’ব নোৱাৰিব । ২০১৭ চনত বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে বাংলাদেশ চৰকাৰৰ সৈতে এই বিষয়টো আলোচনাৰ কৰিছিল যদিও বিবাদৰ স্পষ্ট সমাধান নোলাল । গৃহ বিভাগৰ সূত্ৰৰ মতে তাৰ পিচৰ পৰাই বিষয়টোৱে কোনোধৰণৰ অগ্রগতি লাভ কৰা নাই ।
![Assam-Bangladesh border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-10-2023/as-ghy-01-large-areas-on-the-assam-bangladesh-border-are-still-open-due-to-the-govts-apathy-7209925_05102023131434_0510f_1696491874_59.jpeg)
ধুবুৰী-মানকাচৰ খণ্ডৰ ৬.১ কিল'মিটাৰ দৈৰ্ঘৰ এলেকাটো দ' হোৱাত কোনোধৰণৰ কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণ কৰাটো সম্ভৱ নহয় । তথ্য অনুসৰি ২০১৯ চনৰ ৩০ জুলাইত অনুষ্ঠিত ৪৬ সংখ্যক উচ্চ পৰ্যায়ৰ ক্ষমতাসম্পন্ন সমিতিৰ বৈঠকত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ এই অংশৰ বাবে ৪.৭ কোটি টকা অনুমোদন জনোৱা হয় আৰু প্ৰযুক্তিগত সমাধান নিয়োগৰ বাবে খচৰা প্রকল্প প্রতিবেদন (ডি পি আৰ) প্ৰস্তুত কৰা হয় । কিন্তু বি জি বিৰ পক্ষৰ পৰা কোনোধৰণৰ ইতিবাচক সংকেত নোপোৱাত বেৰা নিৰ্মাণৰ বিষয়টো স্থবিৰ হৈ আছে ।
![Assam-Bangladesh border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-10-2023/as-ghy-01-large-areas-on-the-assam-bangladesh-border-are-still-open-due-to-the-govts-apathy-7209925_05102023131434_0510f_1696491874_61.jpeg)
উল্লেখ্য যে অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত জেহাদী তথা মৌলবাদী সংগঠনৰ তৎপৰতা বৃদ্ধি পোৱাৰ লগতে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ অব্যাহত আছে । তদুপৰি জালনোট তথা চোৰাং কাৰবাৰৰ বিশাল নেটৱৰ্ক গঢ় লৈ উঠিছে । বিশেষকৈ অসম-বাংলাদেশ সীমান্তৰ বিশাল এলেকা উন্মুক্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত এনেবোৰ কাৰ্যকলাপে গা কৰি উঠিছে । তথ্য অনুসৰি অসম-বাংলাদেশ সীমান্তৰ দৈৰ্ঘ হ’ল মুঠ ২৬৩ কিলোমিটাৰ । ইয়াৰ ভিতৰত এতিয়ালৈকে প্রায় ১৯০ কিলোমিটাৰ এলেকাতহে প্ৰকৃতাৰ্থত সম্পূৰ্ণৰূপে কাঁইটীয়া তাঁৰৰ বেৰা দিয়া হৈছে । বাকী ৭৩ কিলোমিটাৰ এলেকা এতিয়াও উন্মুক্ত হৈয়ে আছে ।
অৱশ্যে উন্মুক্ত এলেকাৰ অধিকাংশ এলেকা নদী অঞ্চল হোৱাৰ লগতে আন কিছু অংশ স্থল এলেকা । উন্মুক্ত এলেকাসমূহৰ ভিতৰত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ ছেক্টৰৰ ৮.৩৫৬ কিলোমিটাৰ এলেকাত ভৌগোলিক কাৰণত কাঁইটীয়া তাঁৰৰ বেৰা দিয়া সম্ভৱ নোহোৱাৰ বাবে উক্ত অঞ্চল উন্মুক্ত হৈ আছে । ইফালে উল্লেখ কৰা অনুসৰি কৰিমগঞ্জ জিলাৰো ৪.৩৫ কিলোমিটাৰ এলেকা বাংলাদেশৰ বিৰোধিতাৰ বাবে আজিলৈকে কাঁইটীয়া তাঁৰৰ বেৰা দিয়া সম্ভৱ হৈ উঠা নাই । তদুপৰি নদী এলেকাত থকা ৬০.৫৬৪ কিল'মিটাৰ অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে উন্মুক্ত হৈ আছে ।
কেন্দ্ৰীয় চৰকাৰে নদী এলেকা সুৰক্ষাৰ বাবে উন্নত প্রযুক্তিৰ আধুনিক কেমেৰা স্থাপনকে ধৰি কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও প্ৰকৃতাৰ্থত আজিলৈকে নদী এলেকা সুৰক্ষিত হোৱা নাই । ইফালে সীমান্ত নিৰাপত্তাৰ দায়িত্বত থকা বি এছ এফৰ হেমাহিৰ বাবেই নদী এলেকা এতিয়া হৈ পৰিছে চোৰাং ব্যৱসায়ীৰ ভূস্বৰ্গ । প্রতিদিনেই নদী এলেকাৰে বাংলাদেশলৈ চোৰাংভাৱে গৰু, ড্ৰাগছৰ পৰা আৰম্ভ কৰি চাউললৈকে সৰবৰাহ হৈ আছে । অব্যাহত আছে নকল টকাকে ধৰি নকল সোণৰ সৰবৰাহ ।
উল্লেখ্য যে, ভাৰত-বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ হৈছে ৪০৯৬.৭০ কিলোমিটাৰ । ইয়াৰ ভিতৰত ৩১৪০.০৩২ কিলোমিটাৰ এলেকাতহে এতিয়ালৈকে কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ কাম সমাপ্ত হৈছে । বাকী ৯৫৬.৬৬৮ কিলোমিটাৰ এলেকা আজিও উন্মুক্ত হৈ আছে । ইফালে সীমান্ত এলেকা উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ধন অসমে সময়ত ব্যয় নকৰাৰ অভিযোগ উত্থাপন হৈছে । যাৰ ফলত বিগত দুটা বিত্তীয় বৰ্ষত কেন্দ্ৰই অসমক উক্ত শিতানত ধন প্রদান কৰা নাই ।
২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰধান এটা নির্বাচনী ইছ্যু আছিল অসম-বাংলাদেশ সীমান্ত ছীল কৰা । কিন্তু দুবাৰকৈ শাসনৰ গাদী লাভ কৰা বিজেপি চৰকাৰে এইক্ষেত্রত কোনো গুৰুত্ব প্ৰদান কৰা নাই । যাৰবাবে আজিও উন্মুক্ত হৈ আছে অসম-বাংলাদেশ সীমান্তৰ বৃহৎ এলেকা । এনেদৰে সীমান্ত অঞ্চল উন্মুক্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত জেহাদী কাৰ্যকলাপকে ধৰি বিভিন্ন বেআইনী কাৰ্যকলাপে অসমৰ বাবে ভাবুকি কঢ়িয়াই আনিছে । সীমান্ত উন্মুক্ত হৈ থকাৰ বাবে বিভিন্ন ধৰণে অসমৰ প্ৰতি ভাবুকি আহি পৰিছে ।
লগতে পঢ়ক: Assam Bangladesh Border seal: অসম-বাংলাদেশৰ সীমান্ত ছীল কৰাৰ নামত পুনৰ চৰকাৰৰ ললিপপ