গুৱাহাটী, 5 ডিচেম্বৰঃ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰে গুৱাহাটী ক্লাবত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে একাংশ মহিলাই ।
মহানগৰীৰ বহু সংখ্যক মহিলাই মানৱ শৃংখল গঢ়ি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । সমগ্ৰ দেশৰ লগতে অসমতো দিনক-দিনে বৃদ্ধি পাব ধৰিছে নাৰী নিৰ্যাতনৰ ঘটনা । কিন্তু এই ঘটনা প্ৰতিৰোধ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই ৷ তাৰোপৰি প্ৰতিবাদকাৰী সকলে নাৰী নিৰ্যাতনৰ লগত জড়িত দোষীয়ে কোনো ধৰণৰ উপযুক্ত শাস্তি পোৱা দেখিবলৈ পোৱা দেখা নাযায় বুলিও মন্তব্য কৰে । গতিকে প্ৰতিবাদকাৰী সকলে চৰকাৰ তথা প্ৰশাসনক দাবী কৰে যে, নিৰ্যাতনকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে । লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবলৈও চৰকাৰক দাবী জনাই প্ৰতিবাদী মহিলা সকলে ।