গুৱাহাটী, ২২ অক্টোবৰ: অৱশেষত গ্ৰেপ্তাৰৰ এসপ্তাহৰ পাচত চাকৰিৰ পৰা নিলম্বিত হ'ল আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণ । বৃহস্পতিবাৰে কুমাৰ সঞ্জিৎ কৃষ্ণৰ নিলম্বনৰ ফাইলত অনুমোদন জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
অৱশেষত নিলম্বন হ'ল কুমাৰ সঞ্জিৎ কৃষ্ণ উল্লেখ্য যে ১৫ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ অন্যতম অভিযুক্ত, কুমাৰ সঞ্জিৎ কৃষ্ণক । মন কৰিবলগীয়া যে, ১৫ অক্টোবৰতে এইজন আৰক্ষী অধীক্ষকক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও তেওঁক নিলম্বন কৰাৰ কৰা হোৱা নাছিল ৷ যাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল ভিন্ন প্ৰতিক্ৰিয়াৰ । বৃহস্পতিবাৰে অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকত ভাগ লোৱাৰ পাচতে মুখ্যমন্ত্ৰীয়ে অনুমোদন জনায় কুমাৰ সঞ্জিৎ কৃষ্ণৰ নিলম্বনৰ ফাইলত ।
লগতে পঢ়ক: তদন্তকাৰী বিষয়াক ঘোচ দিবলৈ গৈ আটক কনিষ্ঠ অভিযন্তা