গুৱাহাটী, 22 জানুৱাৰী : 23 জানুৱাৰীত শিৱসাগৰত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ শিৱসাগৰৰ জেৰেঙা পথাৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী গৰাকী ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত এতিয়া ৰাজ্যৰ বিৰোধী দলবোৰৰ লগতে বিভিন্ন দল-সংগঠনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণ সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ গান্ধীবস্তিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে সংগঠনটোৱে ৷
সংবাদমেলত সংগঠনটোৰ নেতৃবৰ্গই অভিযোগ কৰা অনুসৰি, পুনৰ অসমক বিক্ৰী কৰিবলৈ আহিছে নৰেন্দ্ৰ মোদী ৷ যাৰবাবে অসমবাসীক সজাগ হ'বলৈ আহ্বান সংগঠনটোৱে ৷ লগতে, সংগঠনটোৰ অভিযোগ অনুসৰি, বিজেপি ভাৰতৰ আটাইতকৈ ডাঙৰ প্ৰতাৰক চৰকাৰ । প্ৰধানমন্ত্ৰী অসমীয়া জাতিৰ চিৰশত্ৰু বুলিও কটাক্ষ কৰে । লগতে, নাগৰিকত্ব সংশোধনী আইন জাপি অসমীয়া জাতিক বিজেপিয়ে নিঃশেষ কৰিব বিচাৰে বুলিও কটাক্ষ কৰে ৷
লগতে পঢ়ক : অসমত কংগ্ৰেছৰ নেতৃত্বত বিজেপি বিৰোধী চৰকাৰ হ'ব : ৰকিবুল হুছেইন