ETV Bharat / state

Covid cases increase in Guwahati: ১৫ জানুবাৰীৰ পাছত ক'ভিড পৰিস্থিতিক লৈ কঠোৰ হ'ব গুৱাহাটী প্ৰশাসন

author img

By

Published : Jan 13, 2022, 4:10 PM IST

উৰুকাৰ দিনা গুৱাহাটীৰ উজানবজাৰৰ মাছৰ বজাৰ পৰিদৰ্শন কৰে উপায়ুক্ত পল্লৱ গোপাল ঝাই (Kamrup metro dc visits Uzanbazar fish market)। সকলোকে ক'ভিড বিধি পালনৰ আহ্বান উপায়ুক্তগৰাকীৰ । ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৫ জানুৱাৰীৰ পৰা গুৱাহাটীত কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰা হ'ব ।

Covid cases increase in Guwahati
১৫ জানুবাৰীৰ পাছত ক'ভিড পৰিস্থিতিক লৈ কঠোৰ হ'ব গুৱাহাটী প্ৰশাসন

গুৱাহাটী,১৩ জানুৱাৰী : পুৱাৰে পৰা মহানগৰীৰ উজানবজাৰৰ উৰুকাৰ মাছৰ বজাৰত ভিৰ গ্ৰাহকৰ । ইয়াৰ মাজতে মাছৰ বজাৰ পৰিদৰ্শন কৰিবলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত হয় উজানবজাৰত(Kamrup metro dc visits Uzanbazar fish market)। তেওঁ গুৱাহাটীবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে ক'ভিড প্ৰট'কল অনুসৰণ কৰি বিহু উদযাপন কৰাৰ বাবে আহ্বান জনায় ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি হৈ আছে (Covid cases increase in Guwahati)। স্বাস্থ্য বিভাগে শেহতীয়াভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ৩,২৭৪ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ১১৩৮ গৰাকী লোক গুৱাহাটী মহানগৰীৰ । যোৱা ২৪ ঘন্টাত ৰাজ্যত আক্ৰান্তৰ হাৰ ৬.৫৬ শতাংশ ।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় যে, উৰুকাৰ মাছৰ বজাৰত একাংশই ক'ভিড প্ৰট'কল মানিছে যদিও আন একাংশই ক'ভিড নিয়ম ভংগ কৰা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত বজাৰ কমিটীবোৰক বজাৰত ক'ভিড বিধি মানি চলাত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে ।

গুৱাহাটীত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি হৈ থকাৰ কথা সদৰি কৰি কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় যে, জিলা প্ৰশাসনে বিভিন্ন সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । দৈনিক মহানগৰীৰ ক'ভিড পৰিস্থিতিৰ পুনৰীক্ষণ কৰি থকা হৈছে । মহানগৰীৰ বজাৰ তথা ৰাজহুৱা স্থানত মানুহৰ ভিৰ কমাবলৈ তেওঁ আহ্বান জনায় কয় যে, গুৱাহাটীৰ ৰাজহুৱা স্থানত আৰু সভাত ২০০ জনতকৈ অধিক লোকৰ সমাগম নিষিদ্ধ কৰা হৈছে । ৰাজহুৱা স্থানত আৰু ৰাজহুৱা সভাত দুপালি ক'ভিড প্ৰতিষেধক লোৱা মানুহে উপস্থিত থাকিব পাৰিব ।

আকৌ ৰাজহুৱা সভা আৰু অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত মহানগৰ জিলা প্ৰশাসনৰ পৰা অনুমতি ল'ব লাগিব । বৰ্তমান বহুতে মহানগৰীৰ বিভিন্ন ঠাইত ৰাজহুৱা সভা আৰু অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ পৰা অনুমতি লৈছে । মহানগৰ জিলা উপায়ুক্তগৰাকীয়ে কয় যে, ১৫ জানুবাৰীৰ পাছত গুৱাহাটীত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । বিহুৰ কেইদিন কিছু শিথিল কৰা হৈছে বুলি তেওঁ কয় ।

উল্লেখ্য যে, ৰাজ্য তথা গুৱাহাটী মহানগৰীত আক্ৰান্তৰ হাৰ দৈনিক প্ৰায় দুগুণ হাৰত বৃদ্ধি পাইছে । ইপিনে ক'ভিড হটস্পটলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী । ইপিনে স্বাস্থ্য বিভাগে গুৱাহাটীৰ কেইবাটাও স্থানক ক'ভিড হটস্পট হিচাপে চিনাক্ত কৰিছে (Guwahati city becomes Covid hotspot)। মহানগৰ জিলা প্ৰশাসনে নতুনকৈ ফাঁচীবজাৰক ক'ভিড হটস্পট হিচাপে চিনাক্ত কৰিছে । কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় যে, ফাঁচীবজাৰত জিলা প্ৰশাসনে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।

লগতে পঢ়ক :New Covid guideline in Nalbari : সকলো ৰাজহুৱা অনুষ্ঠান বাতিল জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.