ETV Bharat / state

Kamal Medhi joins AAP: শিৱিৰ সলাই আপত যোগদান কমল কুমাৰ মেধিৰ

author img

By

Published : May 2, 2022, 3:54 PM IST

ৰাজ্যৰ ৰাজনীতিত আন এক জোঁকাৰণিৰ সৃষ্টি কৰি সোমবাৰে আম আদমি পাৰ্টিত যোগদান কৰিলে অখিল গগৈৰ প্ৰাক্তন সতীৰ্থ কমল কুমাৰ মেধি সমন্বিতে কেইবাজনো নেতাই (Kamal Medhi joins AAP)৷ কমল কুমাৰ মেধিৰ লগতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰেও অৰবিন্দ কেজৰিৱালৰ কাষ টাপে ৷

Kamal Medhi joins AAP
শিৱিৰ সলাই আপত যোগদান কমল কুমাৰ মেধিৰ

নিউজ ডেস্ক, ২ মে': দল সলনিৰ ধাৰাবাহিকতা অব্যাহত আছে অসমৰ ৰাজনীতিত । সোমবাৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰ(Manoj Dhanowar joins AAP), অখিল গগৈৰ প্ৰাক্তন সতীৰ্থ কমল কুমাৰ মেধি সমন্বিতে কেইবাজনো নেতাই যোগ দিয়ে আম আদমী পাৰ্টিত । সৌ সিদিনা ‘ৰাইজৰ দল’ ত্যাগ কৰা কমল কুমাৰ মেধিয়ে সোমবাৰে দিল্লীত আনুষ্ঠানিকভাৱে যোগদান কৰে আম আদমী পাৰ্টিত(Kamal Medhi joins AAP) ।

অখিল গগৈৰ সংগ্ৰামী ৰাজনীতিৰ অন্যতম সহযোগী কমল কুমাৰ মেধিৰ দল সলনিৰ প্ৰক্ৰিয়া এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও তেওঁ কংগ্ৰেছ দলত যোগদান কৰি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ পদতো অধিষ্ঠিত হৈছিল যদিও পৰৱৰ্তী সময়ত কংগ্ৰেছৰ পৰা তেওঁ বিদায় লয় । কিছুদিনৰ বিৰতিৰ পাছত তেওঁ যোগ দিয়ে অখিল গগৈ নেতৃত্বাধীন ‘ৰাইজৰ দল’ত । কিন্তু এইটো দলেও তেওঁক আমুওৱাত অৱশেষত সোমবাৰে তেওঁ যোগ দিয়ে অৰবিন্দ কেজৰীৱাল নেতৃত্বাধীন ‘আপ’ত । মেধিৰ উপৰিও ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও নেতাই সোমবাৰে ’আপ’ত যোগদান কৰে ৷

নতুন দিল্লীস্থ আপৰ মুখ্য কাৰ্যালয়ত(AAP head office) অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত কেউজনে আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে ৷ সোমবাৰে দিনৰ প্ৰায় দুই বজাত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে 'আপ’ৰ ৰাষ্ট্ৰীয় সম্পাদক পংকজ গুপ্তা, দলটোৰ উত্তৰ-পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা, উত্তৰ-পূৰ্বাঞ্চলৰ নিৰ্বাচনী পৰ্যবেক্ষক মনীষ কৌশিক, সমন্বয়ক ডাঃ ভৱেন চৌধুৰী আদি৷ কমল কুমাৰ মেধিৰ লগতে সোমবাৰে নতুন দিল্লীত 'আপ’ত যোগদান কৰে 'ৰাইজৰ দল’ৰ কাৰ্যকৰী সভাপতি জিতুল ডেকা, উপ-সভাপতি দিব্যজ্যোতি শৰ্মা, সম্পাদক দীপাংকৰ কলিতা, মুখপাত্ৰ অনুৰূপা ডেকাৰজা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিনয় ডেকাই৷

উল্লেখ্য যে, সোমবাৰে সন্ধিয়া ৭ বজাত 'আপ’ত যোগদান কৰা এইসকল নেতাৰ সৈতে দলটোৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে এক বৈঠকত মিলিত হ’ব ৷

লগতে পঢ়ক: মোৰ গ্ৰেপ্তাৰৰ ঘটনা পূৰ্ব পৰিকল্পিত : জিগনেশ মেৱানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.