গুৱাহাটী, ৩ চেপ্তেম্বৰ: যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গ নহয় কৃষিবিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ ৷ বৃহস্পতিবাৰে এই কথা সদৰি কৰিলে জুবিন গাৰ্গে ৷ জুবিনৰ মন্তব্য, "মই ব্ৰেণ্ডএম্বেচাডৰ নহও ৷ ইয়াকে লৈ ৰাইজে মোক সন্দেহ কৰিব নালাগে ৷ মই সদায়ে ৰাইজৰ লগত আছো ৷" বৃহস্পতিবাৰে সংবাদমাধ্যমৰ আগত এই কথা স্পষ্ট কৰিলে জনপ্ৰিয় শিল্পী গৰাকীয়ে ৷
উল্লেখ্য যে, নব্বৈৰ দশকৰ জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ 'ডঃ বেজবৰুৱা’ৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি চলাইছে এ ম টেলিভিছনে ৷ বৃহস্পতিবাৰে মহানগৰীৰ প্ৰাগ টাৱাৰত অনুষ্ঠিত পোষ্টাৰ মুকলি অনুষ্ঠানত অংশ লৈ এই মন্তব্য আগবঢ়ালে জুবিন গাৰ্গে ৷ আনহাতে শেহতীয়াকৈ সক্ৰিয় ৰাজনীতিত যোগদান কৰা শিল্পীসকলক লৈও মন্তব্য জুবিনৰ, "শিল্পী সকলে ৰাজনৈতিক দলত যোগদান কৰাটো তেওঁলোকৰ ব্যক্তিগত কথা তাত মোৰ ক'বলগীয়া একো নাই ৷"
CAA আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ জুবিনৰ - “মই নিঃস্বাৰ্থভাৱে CAA আন্দোলনত লাগিছিলো আৰু সদায় লাগি যাম । CAA আন্দোলনৰ কথা আহিলে মই আকৌ প্ৰতিবাদ কৰিম। যুৱপ্ৰজন্মক খেতিৰ প্ৰতি আগুৱাই নিবলৈ হে খেতিৰ কামত লাগিছো। ”
সমান্তৰালকৈ ফুটবলৰ দল সন্দৰ্ভতো মন্তব্য কৰি শিল্পী গৰাকীয়ে ফুটবল দলত এইবাৰ নতুন মানুহ লম বুলি জানিবলৈ দিয়ে ৷
জনপ্ৰিয় অভিনেতা নিপন গোস্বামীয়ে পৰিচালনা কৰিবলগীয়া চলচিত্ৰ খনত অভিনয় কৰিব আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন, নিপন গোস্বামী আদিৰ লগতে, ভালেকেইজন জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ৷ চলচিত্ৰখনৰ সংগীত পৰিচালনাৰ দায়িত্বত থাকিব জুবিন গাৰ্গ ৷ ৰাজদ্বীপৰ কাহিনী আৰু চিত্ৰনাট্য সমৃদ্ধ এই চলচিত্ৰ খনৰ প্ৰযোজনা সঞ্জীৱ নাৰায়ণৰ ৷ বৃহস্পতিবাৰৰ ডঃ বেজবৰুৱাৰ পোষ্টাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গ, নিপন গোস্বামী, সঞ্জীৱ নাৰায়ণৰ লগতে ভালেকেইগৰাকী লোক ৷