ETV Bharat / state

অতীন দাসলৈ আগবঢ়োৱা হৈছে 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা' - অতীন দাস

জ্যেষ্ঠ সাংবাদিক অতীন দাসলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা' । গণৰাজ্য দিৱসৰ কেন্দ্রীয় অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হ'ব । এই বঁটাত আছে এখন প্রশস্তি পত্র, স্মাৰক, অংগ বস্ত্র, এখন শৰাই, গামোছা আৰু এক লাখ টকা ।

অতীন দাসলৈ আগবঢ়োৱা হৈছে গণৰাজ্য দিৱস সাংবাদিকতা বঁটা

author img

By

Published : Jan 21, 2021, 9:12 PM IST

গুৱাহাটী, ২১ জানুৱাৰী: প্রতি বছৰৰ দৰে এইবাৰো অসম চৰকাৰে ২৬ জানুৱাৰীত প্ৰদান কৰিব 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা' । ২০২১ বৰ্ষৰ গণৰাজ্য দিৱস সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে জ্যেষ্ঠ সাংবাদিক অতীন দাসলৈ । তথ্য আৰু জনসংযােগ সঞ্চালকালয়ৰ সৌজন্যত গণৰাজ্য দিৱসৰ কেন্দ্রীয় অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হ'ব । এই বঁটাত আছে এখন প্রশস্তি পত্র, স্মাৰক, অংগ বস্ত্র, এখন শৰাই, গামোছা আৰু এক লাখ টকা ।

উল্লেখ্য যে, ১৯৬২ চনত এখন ৰাষ্টীয় দৈনিক কাকতৰ সৈতে জড়িত হৈ সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা অতীন দাসে ১৯৬৬ চনত শিলচৰৰ পৰা প্ৰকাশিত 'বৰাক' নামৰ এখন সাপ্তাহিক কাকত সম্পাদনা কৰে । ১৯৭০ চনৰ পৰা 'সাপ্তাহিক যুগশঙ্খ' কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে কার্যনির্বাহ কৰি, তেওঁ ১৯৯০ চনৰ পৰা ২০০৪ চনলৈ 'দৈনিক যুগশঙ্খ'ৰ সম্পাদকৰ দায়িত্ব পালন কৰে । পিছত এবছৰৰ বাবে দাসে গুৱাহাটীৰ পৰা প্রকাশিত 'দৈনিক সংবাদ লহৰী' কাকতৰ মুখ্য সম্পাদক হিচাপে কার্যনির্বাহ কৰে ।

ইয়াৰ উপৰিও তেওঁ মালাবাৰ হেৰল্ড, দৈনিক বসুমতী, আনন্দবাজাৰ পত্রিকা, আসাম এক্সপ্ৰেছ, হিন্দুস্তান ষ্টেণ্ডার্ড, সত্যযুগ, নৱ-ভাৰতৰ সংবাদদাতা হিচাপে কার্যনির্বাহ কৰে । ইয়াৰ লগতে আলােক, অৰুণােদয় আৰু দৈনিক গতিৰ সহযােগী সম্পাদক হিচাপেও কাম কৰিছিল । এগৰাকী লেখক হিচাপেও সুনাম থকা অতীন দাসৰ ৫০ খনতকৈও অধিক গ্রন্থ প্রকাশিত হৈছে । এগৰাকী জনপ্রিয় স্তম্ভলেখক দাসৰ লেখাই দেশৰ লগতে আন্তঃৰাষ্ট্রীয় পর্যায়তাে সুনাম বুটলিবলৈ সক্ষম হৈছে ।

শিলচৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক অতীন দাসে নিয়মীয়াকৈ বিভিন্ন বিশ্ববিদ্যালয়, প্রতিষ্ঠান আদিৰ দ্বাৰা আয়ােজন কৰা আলােচনা চক্র আদিত অংশগ্রহণ কৰাৰ লগতে সাম্প্রতিক বিষয়সমূহৰ সন্দৰ্ভত বলিষ্ঠভাৱে নিজৰ মতামত আগবঢ়াই আহিছে ।

লগতে পঢ়ক:বাক্সাৰ ককলাবাৰীত ইউপিপিএলৰ যৌথ কৰ্মী সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.