ETV Bharat / state

Assam BJP vs Cong: সীমা চেৰাই গ’লে দেৱব্ৰত শইকীয়াৰ গাৰ কাপোৰ খোলাৰ হুংকাৰ পীযুষ হাজৰীকাৰ - Debabrata Saikia

‘‘বৰঙণিৰ কটাও কংগ্ৰেছ দলে নিজৰ পকেটত ভৰায়, সেই বাবেই কংগ্ৰেছে নিজৰ দলৰ কাৰ্যালয়টোকে ভালদৰে বনাব নোৱাৰিলে,’’- কংগ্ৰেছক আক্ৰমণ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ ভৱেশ কলিতাই ক’লে- কোনো নিৰ্ধাৰিত সময়ত দলৰ কাৰ্যালয় নচলে ৷

Assam BJP vs Cong
Assam BJP vs Cong
author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:47 PM IST

বিজেপিৰ যোগদান কাৰ্যসূচী

গুৱাহাটী, ৩০ আগষ্ট: বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিশেষ যোগদান কাৰ্যসূচী । তিতাবৰ পৌৰসভাৰ ৰাজীৱ দত্ত আৰু নিপা চুতীয়া লাহনৰ পুনৰ আনুষ্ঠানিক যোগদান ভাৰতীয় জনতা পাৰ্টীত । দুদিন পূৰ্বেই বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছিল দুয়োগৰাকীয়ে । বুধবাৰে পুনৰ বিজেপি দলত যোগদান কৰে ৰাজীৱ দত্ত আৰু নিপা চুতীয়া লাহনে ।

এই যোগদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ পল্লৱ লোচনকে ধৰি কেইবাগৰাকীও ন-পুৰণি বিজেপি কৰ্মী । এই যোগদান কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰীকাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই । লগতে কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰা দেখা যায় ।

মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি দলে দলৰ কথা চিন্তা কৰে । কংগ্ৰেছ দলে নিজৰ কথা চিন্তা কৰে । যাৰ বাবে ৰাজীৱ ভৱনটো বনাব নোৱাৰিলে । কাৰ্যালয়টোৰ অৱস্থা নাই । কিন্তু দলৰ নেতাসকলৰ নিজৰ ঘৰ কেইটা ডাঙৰ ডাঙৰ । দিল্লীটো কাৰ্যালয়ৰ একেই অবস্থা । মই মন্ত্ৰীহিচাপে দলত প্ৰতি মাহে ২৫ হাজাৰ টকা বৰঙণি দিওঁ । বিধায়ক এজনে ১০ হাজাৰ টকা দিয়ে । লগতে কাৰ্যকৰ্তা তথা শুভাকাংক্ষীয়েও বৰঙণি দিয়ে । সকলোৰে বৰঙণিৰে আমি বিজেপি কাৰ্যালয় বনাইছো । কিন্তু কংগ্ৰেছত আমাক এই শিক্ষা দিয়া নাছিল ।’’

তেওঁ আৰু কয় যে কংগ্ৰেছ দলে শুভাকাংক্ষীৰ বৰঙণিও পকেটত ভৰাই । ‘‘চমজদাৰ কে লিয়ে ইছাৰা কাফি হ্যে’’ ৷ লগতে দেৱব্ৰত শইকীয়ালৈ অনুৰোধ জনাই কয়, ‘‘ব্যক্তিগত পৰ্যায়ত মন্তব্য নকৰিব । দেৱব্ৰত শইকীয়াই সীমা পাৰ হৈ গ’লে, পুনৰ আমি তাতকৈ বেছি পাৰ হৈ যাম । তেতিয়া গাত কাপোৰ নাথাকিব ।’’

আনহাতে এই কাৰ্যসূচীত উপস্থিত থাকি ভৱেশ কলিতাই কয় যে অধ্যক্ষৰ সতে কিছু ভুল বুজা-বুজিৰ বাবে দল সলনি কৰিছিল । কিন্তু কংগ্ৰেছত কাম কৰিব নোৱাৰি বুলি বুজি তেওঁলোক এতিয়া উভতি আহিছে । ক্ষমতালৈ কেতিয়া আহিব পাৰিব তাকেই ভাবি কংগ্ৰেছ এতিয়া হতাশাত । হতাশাত ভুগীয়েই কংগ্ৰেছে বিজেপি কাৰ্যালয়ৰ বিৰুদ্ধে মন্তব্যসমূহ দি আছে ।’’

লগতে কলিতাই কয় যে আমাৰ কাৰ্যালয় নিৰ্দিষ্ট কোনো সময়ত নচলে । ৭ বজাৰ পিছত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ কথা শুনি মই দলৰ সভাপতি হিচাবেই হতবাক হৈছো । এই সমগ্ৰ ঘটনা বিৰোধীৰ দ্বাৰা পৰিকল্পিত আছিল । কংগ্ৰেছৰ নেতাই বহু বছৰ কাম কৰি কেৱল নিজৰ পকেট গৰম কৰিলে কিন্তু দলৰ কথা চিন্তা নকৰিলে ।

‘‘আমাৰ কাৰ্যকৰ্তাই দল আৰু ৰাষ্ট্ৰৰ কথা চিন্তা কৰে । আমি ত্যাগৰ প্ৰতীক বাবেই আমাক গেৰুৱা বাহিনী বুলি কয় । কংগ্ৰেছে দলৰ কাৰ্যালয়টো ভালদৰে বনাব নোৱাৰিলে । আমি কাৰ্যকৰ্তা সকলৰ সহায় সহযোগিতাৰে কাৰ্যালয় নিৰ্মাণ কৰিছো । ভূপেন বৰাই আমাৰ কথাবোৰ ফুল-চন্দন বুলি লয়, নে বৰষুণ বুলি লয় নে বানপানী বুলি লয় সেয়া তেওঁলোকে চিন্তা কৰিব ,’’ ভৱেশ কলিতাই কয় ৷

আগন্তুক লোকসভাত আমাৰ মিত্ৰজোঁট অগপ (AGP) আৰু ইউ পি পি এল (UPPL) দলৰ একোজনকৈ সাংসদ থাকিলে আমি সুখী হ’ম বুলিও উল্লেখ কৰে ভৱেশ কলিতাই ৷

লগতে পঢ়ক: MLA Bharat Narah Press Meet: বিজেপিৰ ওপৰ মহলৰ সন্ধান লাগে কংগ্ৰেছক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.