গুৱাহাটী, 6 এপ্ৰিলঃ হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন । চৌদিশে এতিয়া বিহুটিক আদৰাৰ বাবে প্ৰস্তুতি তুংগত তুলিছে সকলোৱে । ঠায়ে ঠায়ে চলিছে বিহুৰ কৰ্মশালা ৷ মহানগৰীৰ পাথৰকোৱাৰীৰ ব্ৰহ্মপুত্ৰ এপাৰ্টমেন্টতো এতিয়া বিহুক লৈ ব্যাপক উচাহ দেখিবলৈ পোৱা হৈছে ।
অট্টালিকাটোৰ একাংশ মহিলাই জেং বিহুৰ আখৰাত ব্যস্ত হৈ আছে । মঞ্চত জেং বিহু পৰিৱেশন কৰাৰ বাবে নিজকে প্ৰস্তুতি চলোৱাৰ লগতে জেং বিহুৰ কৰ্মশালাও অনুষ্ঠিত কৰিছে মহিলাসকলে। বৰহমথুৰি জেং বিহুৰ দলৰ উদ্যোগত হোৱা কৰ্মশালাত ভাগ লৈছে অট্টালিকাটোৰ সকলো মহিলাই ।
আনহাতে মৰমৰ দীঘা আৰু চেনেহৰ বাণীৰে প্ৰতি গৰাকী শিপিনীয়ে চেনাইলৈ বুলি তাঁতশালত লগাইছে বিহুৱান । অসমৰ বাপতিসাহোন বিহুটিক আদৰিবলৈ বাইহাটা চাৰিআলিৰ শিপিনী সকলো এতিয়া ব্য়স্ত হৈ পৰিছে । আপোন জনক মৰম যাচিবৰ বাবে দিন ৰাতি একাকাৰ কৰি গামোচাত বাচিছে ভিন্ন ফুলৰ চানেকী । চ'তৰ মাহতে বিহুৱান তাঁতত লগাই বহা'গৰ পুৱাই আপোন জনক মৰম যাঁচিবৰ হেঁপাহ অসমীয়া শিপিনীৰ ।