গুৱাহাটী, ১৩ জুলাই : ইউপিএ আৰু অন্যান্য বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্রার্থী যশোৱন্ত সিনহাই বুধবাৰে গুৱাহাটীত উপস্থিত হৈ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম প্রদেশ কংগ্ৰেছ সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত অংশগ্রহণ কৰে (Presidential candidate Yashwant Sinha Assam visit for election campaigning) ।
অনুষ্ঠানত আদৰণী ভাষণ দি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, "আমি অসম প্ৰদেশ কংগ্ৰেছৰ সকলো বিধায়ক আৰু সাংসদ যশোৱন্ত সিনহাৰ লগত আছোঁ । অসম প্ৰদেশ কংগ্ৰেছৰ সকলো বিধায়ক আৰু সাংসদৰ ভোট যশোৱন্ত সিনহাই পাব (Ripun Bora welcome Yashwant Sinha) ।" তেওঁ লগতে কয়, "যশোৱন্ত সিনহাই 'কা' ৰ বিৰুদ্ধে সবল ভূমিকা গ্ৰহণ কৰিছিল ।" সভাত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ভাষণ দিয়ে । তেওঁ কয় - যশোৱন্ত সিনহা এজন সফল ৰাজনীতিবিদ । বিজেপিৰ জাত-পাতৰ ৰাজনীতিৰ বিৰুদ্ধে তেওঁ সদায় দৃঢ়তাৰে থিয় দি আহিছে ।
ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয় যে ভাৰতৰ গণতন্ত্ৰ আজি সংকটত । এনে সময়ত যশোৱন্ত সিনহাৰ দৰে নেতাৰ প্ৰয়োজন । ৰাইজৰ দলৰ নেতা তথা নিৰ্দলীয় বিধায়ক অখিল গগৈয়ে কয়, "যশোৱন্ত সিনহাক আমি ৰাইজৰ দলে ভোট দিম ।" (Akhil Gogoi support Yashwant Sinha) বিধায়ক মনোৰঞ্জন তালুকদাৰেও যশোৱন্ত সিনহাৰ সমৰ্থনত চমু ভাষণ ৰাখে ।
ইপিনে যশোৱন্ত সিনহাই কয়- "অসমৰ ৰাইজ মোৰ প্ৰিয় । অসমৰ মানুহ সাহসী । এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন গুৰুত্বপূৰ্ণ । আজি দেশৰ সংবিধান সংকটত । দেশৰ শাসনত থকাসকলৰ পৰা দেশৰ সংবিধান সংকটত পৰিছে । বিজেপি দলৰ স্বৈৰাচাৰিতাৰ বাবে 2018 চনত বিজেপি এৰিবলৈ বাধ্য হৈছিলোঁ (Yashwant Sinha resigned BJP in 2018)। আৰম্ভণিৰে পৰা 'কা'ৰ বিৰোধিতা কৰি আহিছোঁ । নাগৰিকত্ব সংশোধনী আইনখন ভুলধৰণে কৰা এখন আইন (citizenship amendment law) । ৰাষ্ট্ৰপতি হ'লে মই ইয়াৰ বিৰোধিতা কৰিম । "
উল্লেখ্য, ইউপিএ আৰু অন্যান্য বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্রার্থী যশোৱন্ত সিনহা বুধবাৰে অসমলৈ নিৰ্বাচনী প্রচাৰৰ বাবে আহে । ইতিমধ্যে ৰাষ্ট্ৰপতি নির্বাচনৰ বিজেপি আৰু সহযোগী দলসমূহৰ উমৈহতীয়া প্রার্থী দ্রৌপদী মুর্মুৱে যোৱা সপ্তাহত অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰি নির্বাচনী প্রচাৰৰ বাবে মিত্ৰজোঁটৰ সাংসদ আৰু বিধায়কসকলৰ লগত আলোচনা কৰি গৈছে । বুধবাৰে দিনৰ 2.40 বজাত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত যশোৱন্ত সিনহাই অৱতৰণ কৰে । বিমানবন্দৰত যশোৱন্ত সিনহাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (Assam State Congress President Bhupen Bora), কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আদিয়ে আদৰণি জনায় ।
উল্লেখ্য যে অসমৰ ১৪৭টা ভোটক গুৰুত্ব সহকাৰে লৈছে শাসক আৰু বিৰোধী উভয় পক্ষৰ ৰাষ্ট্ৰপতি পদৰ মনোনীত প্রার্থীয়ে । ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যখনৰ ১২৬ জন বিধায়ক আৰু ২১জন সাংসদ, মুঠ ১৪৭জনে ভোটদানৰ সুযোগ পাব । এই ১৪৭টা ভোটৰ মূল্য হৈছে ২৯৩১৬ । যশোৱন্ত সিনহাই বুধবাৰে নিশা গুৱাহাটীৰ পৰা পোনে পোনে ভূপাললৈ বিমানেৰে উভতি যায় । মন কৰিবলগীয়া যে ৰাষ্ট্ৰপতি নির্বাচনৰ বিজেপি আৰু সহযোগী দলসমূহৰ উমৈহতীয়া প্রার্থী দ্রৌপদী মুর্মুৱে যোৱা সপ্তাহত অসম (NDA Presidential candidate Draupadi Murmu visited Assam) তথা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্য ভ্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই গৈছিল । কিন্তু ইউপিএ আৰু অন্যান্য বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্রার্থী যশোৱন্ত সিনহাই কেৱল অসমতে প্ৰচাৰ চলায় ।