ETV Bharat / state

প্ৰসংগ মিঞা সংগ্ৰহালয়ঃ সাহিত্যিক-অধিবক্তাৰ প্ৰতিক্ৰিয়া - অধিবক্তা

মিঞা সংগ্ৰহালয় স্থাপন প্ৰসংগকলৈ ৰাজ্যত প্ৰতিক্ৰিয়া ৷ ৰাজনৈতিক-অৰাজনৈতিক মহলৰ ব্যক্তিয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ শেহতীয়াকৈ সাহিত্যিক ইছমাইল হুছেইন আৰু অধিবক্তা হাফিজ ৰছিদ আলম চৌধুৰীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

Ismail Hussain Reaction On Miya Musiuam
প্ৰসংগ মিঞা সংগ্ৰহালয়ঃ সাহিত্যিক-অধিবক্তাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Oct 27, 2020, 4:23 PM IST

গুৱাহাটী, 27 অক্টোবৰ : শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন প্ৰসংগকলৈ প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাজ্যৰ সচেতন মহলৰ মাজত ৷ এটা বিশেষ সম্প্ৰদায়ক লৈ একাংশ ৰাজনৈতিক নেতাই কৰি অহা বিৰূপ মন্তব্যৰ ফলত সৃষ্টি হৈ থকা বিতৰ্কৰ সমান্তৰালকৈ শেহতীয়াকৈ অসম বিধানসভাই গঠন কৰি দিয়া শিক্ষা বিভাগ সংক্ৰান্তীয় 15 জনীয়া স্থায়ী সমিতিখনে সদনৰ মজিয়াত অসমৰ চৰ চাপৰিবাসীৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ বাবে অসম চুক্তিৰ অধীনত স্থাপন হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত এটি সংগ্ৰহালয় স্থাপনৰ প্ৰস্তাৱত অনুমোদন দিছিল ৷ 15 জনীয়া সমিতিখনত শাসকীয় পক্ষৰ 10 গৰাকী বিধায়ক থকাৰ লগতে বিৰোধী দল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীও আছিল অন্যতম ৷

অধিবক্তা হাফিজ ৰছিদ আলম চৌধুৰীৰ প্ৰতিক্ৰিয়া

ইফালে, এই প্ৰসংগৰ পিচতেই শংকৰি কলা সংস্কৃতিৰ গৱেষক তথা বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনৰ মতে, শ্বেৰমান আলীয়ে ভোট বিভাজনৰ ৰাজনীতি কৰিছে ৷ প্ৰস্তাৱটোত চৰ চাপৰীৰ প্ৰসংগহে উল্লেখ আছিল ৷ আলীয়ে মিঞা প্ৰসংগটো নিজাকৈ আনিছে বুলি মন্তব্য প্ৰদান কৰিছে ৷ গতিকে, কোনো কাৰণতে কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয়ৰ পোষকতা নকৰে সাহিত্যিক ইছমাইল হুছেইনে ৷

লগতে পঢ়ক : গোলাঘাটত লোমহৰ্ষক হত্যাকাণ্ডঃ 27 বছৰীয়া এজন যুৱকৰ মৃত্যু

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আলম চৌধুৰীয়ে এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, চৰকাৰ হাতত বৰ্তমান কোনো ইচ্যু নাই ৷ সেয়েহে চৰকাৰক এতিয়া ইচ্যু লাগে ৷ মোৰ সন্দেহ বিধায়ক শ্বেৰমান আলীৰ এয়া ব্যক্তিগত মত নহয় ৷ বিজেপিয়ে তেওঁক ব্যৱহাৰ কৰিছে বুলি মন্তব্য প্ৰদান কৰিছে অধিবক্তা গৰাকীয়ে ৷

উল্লেখ্য যে, অগপ বিধায়ক উৎপল দত্তক অধ্যক্ষ হিচাপে লৈ গঠন কৰা সমিতিখনত আছে বিজেপি দলৰ মানসিং ৰংপি, পদ্ম হাজৰিকা, বিনোদ হাজৰিকা, ৰূপক শৰ্মা, উৎপল বৰা, গণেশ লিম্বু, বি পি এফৰ থানেশ্বৰ বসুমতাৰী, কমলী বসুমতাৰী, অগপৰ ভবেন্দ্ৰনাথ ভৰালী, কংগ্ৰেছৰ শ্বেৰমান আলী আহমেদ, ৱাজিদ আলী চৌধুৰী, দুৰ্গা ভূমিজ আৰু এ আই ই ডি এফৰ চাহাবুদ্দিন আহমেদ আৰু অনন্ত কুমাৰ মালো ৷

লগতে পঢ়ক : মূল্যবৃদ্ধিক লৈ উত্তৰ প্ৰদেশ চৰকাৰক ককৰ্থনা প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.