গুৱাহাটী,৩ জুলাই: অসমত বিগত ডেৰ দশকজুৰি একেৰাহে কংগ্ৰেছৰ (Congress) শাসন চলি থকা অৱস্থাত আটাইতকৈ বেছিকৈ লুটপাত চলা বিভাগটোৱেই আছিল জলসিঞ্চন বিভাগ (Irrigation)। কেৱল কংগ্ৰেছৰ কাৰ্যকালতেই নহয়, বিজেপিৰ(BJP) প্ৰথম পাঁচ বছৰীয়া শাসনকালতো দিনে ৰাতিয়ে লুন্ঠনৰাজ চলিছিল জলসিঞ্চন বিভাগত । জলসিঞ্চনৰ পৰিৱৰ্তে যেন বিভাগটো ৰূপান্তৰিত হৈছিল ধনসিঞ্চনলৈ । বিভাগটোৰ একাংশ আমোলা, বিষয়া, অভিযন্তাৰ পৰা আৰম্ভ কৰি ঠিকাদাৰলৈকে সকলোৰে বাবে জলসিঞ্চন বিভাগ হৈ পৰিছিল খিৰতী গাই স্বৰূপ ।

হকে বিহকে আঁচনিৰ আৱন্টন দি লুটি নিয়া হৈছিল শ শ কোটি টকা । কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে (Central Government) এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি যিবোৰ আঁচনিৰ দ্বাৰা কৃষিভূমিত পানী যোগান ধৰাৰ কোনো সম্ভাৱনা নাই তেনে সকলো আঁচনি বন্ধ কৰিছে । জলসিঞ্চন বিভাগৰে এক সূত্ৰই প্ৰকাশ কৰা মতে যোৱা সময়চোৱাত এ আই বি পি আঁচনিৰ (AIBP Scheme) অধীনত পানীৰ উৎস নথকা ঠাইতো বহু আঁচনিৰ আৱন্টন দিয়া হৈছিল একমাত্ৰ লুন্ঠনৰ স্বাৰ্থত ।

এইক্ষেত্ৰত শীৰ্ষত আছিল পাঠশালা সংমণ্ডল । বিভাগটোৰ একাংশ আমোলা, বিষয়া, অভিযন্তা আৰু ঠিকাদাৰে মিলি এ আই বি পিৰ নামত হৰিলুট চলাইছিল । কিন্তু বিভাগীয় সূত্ৰটোৱে প্ৰকাশ কৰা মতে কেন্দ্ৰীয় চৰকাৰে এই লুন্ঠনৰাজৰ বিষয়ে অৱগত হোৱাৰ পিছত বিগত মাৰ্চ মাহৰ পৰা এ আই বি পি আঁচনি বন্ধ ঘোষণা কৰিছে । এই আঁচনিত কাম কৰা ঠিকাদাৰৰ বিলো পৰিশোধ কৰা নহ'ব বুলি ইতিমধ্যে দিল্লীয়ে জনাই দিছে ।
ফলত এতিয়া অসমত এ আই বি পিৰ অধীনত আৰম্ভ হোৱা বহুকেইখন আঁচনি বন্ধ হোৱাৰ পথত । ইয়াৰ বিপৰীতে অসমত আৰম্ভ কৰা হৈছে পি এম কে এছ ৱাই আঁচনিৰ (PMKSY) জৰিয়তে জলসিঞ্চন প্ৰকল্প নিৰ্মাণৰ কাম । সূত্ৰটোৱে জনোৱা মতে এই আঁচনিৰ প্ৰথম কিস্তি হিচাপে ইতিমধ্যে কেন্দ্ৰই পাঁচশ কোটি টকা মোকলাই দিছে আৰু খুব শীঘ্ৰেই দ্বিতীয় কিস্তিৰ পাঁচশ কোটিও মোকলাই দিব ।
লগতে পঢ়ক:উত্তৰ-পূৰ্ৱাঞ্চলৰ একমাত্ৰ মৌ-পালন উদ্যোগ পৰিদৰ্শন কৃষি মন্ত্ৰীৰ