গুৱাহাটী, ৩ ছেপ্টেম্বৰ: ভূটানকে ধৰি চুবুৰীয়া কেইবাখনো দেশলৈ বিমানৰে অসমৰ পৰা যাবলগীয়া পৰ্যটক, ভ্ৰমণকাৰীৰ বাবে সুখবৰ । কিয়নো প্ৰায় আঢ়ৈ বছৰৰ বিৰতিৰ পাছত শনিবাৰৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান(Gopinath Bordoloi International Airport) বন্দৰৰ পৰা পুনৰ আৰম্ভ হ'ল আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা (Flights from Guwahati to Bhutan) ।
শনিবাৰে পুৱা ভূটানৰ ৰাজকীয় চৰকাৰৰ বিমান সংস্থা দ্ৰুক এয়াৰ লাইনৰ(Druk Airlines) এয়াৰ বাছ-৩২০ শ্ৰেণীৰ বিমানখন ভূটানৰ পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ(Paro International Airport) পৰা ২২ জন যাত্ৰীসহ পুৱা ৮.২০ বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত অবতৰণ কৰে । বিমানখন আহি পোৱাৰ পাছত ছিংগাপুৰ অভিমুখে যাত্ৰা কৰাৰ বাবে বৰঝাৰত উপস্থিত হয় অসমৰ বিভিন্ন প্ৰান্তৰ ১৫ জনকৈ যাত্ৰী ।
যাত্ৰাৰ পূৰ্বে বৰঝাৰ বিমানবন্দৰত যাত্ৰীসকলক আদৰণি জনাই অসম চৰকাৰৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ সুভাষ দাস, অসম দক্ষতা বিকাশ মিছনৰ মিছন সঞ্চালক অংকুৰ জৈন, জি আই এ এলৰ মুখ্য অপাৰেটিং বিষয়া স্নেহাশীষ দত্ত, কৰ্পৰেট মুৰব্বী ভৈৰব বৰুৱাকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে । আনহাতে গুৱাহাটীৰ ১৫ জন আৰু ভূটানৰ ২২ জনকে ধৰি মুঠ ৩৭ জন যাত্ৰী লৈ পুৱা ৯.১০ বজাত বৰঝাৰ বিমানবন্দৰৰ পৰা ছিংগাপুৰলৈ যাত্ৰা কৰে দ্ৰুক এয়াৰ লাইনৰ বিমানখন(Flight service between Guwahati and Bhutan) ।
ইতিমধ্যে বিয়লি ৪ বজাত বিমানখন গৈ ছিংগাপুৰত অৱতৰণ কৰিছে । অসম চৰকাৰৰ এক সূত্ৰই সদৰী কৰা অনুসৰি আজিৰে পৰা গুৱাহাটীৰ পৰা সপ্তাহৰ প্ৰতি শনিবাৰে পুৱা ৯.১০ বজাত ছিংগাপুৰলৈ বিমানখনে উৰা মাৰিব । তেনেদৰে ভূটানৰ পাৰো বিমানবন্দৰৰ পৰা শনিবাৰ আৰু দেওবাৰে গুৱাহাটীৰ পৰা বিমান চলাচল কৰিব । উল্লেখযোগ্য যে ক’ভিড-১৯ কেন্দ্ৰীক পৰিস্থিতিৰ বাবে ২০২০ৰ মাৰ্চ মাহৰ পৰা গুৱাহাটীৰ পৰা বিদেশলৈ বিমান সেৱা বন্ধ হৈ আছিল ।
কিন্তু পৰিস্থিতি অনুকুল হোৱাৰ পৰিপ্ৰেক্ষিতত ভূটান চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল কৰাৰ বাবে অনুমতি প্ৰদান কৰে । যাৰ বাবে শনিবাৰৰে পৰা ভূটানৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ এই বিমান সেৱা আৰম্ভ কৰিছে ভূটানৰ দ্ৰুক এয়াৰ নামৰ বিমান সেৱা প্ৰতিষ্ঠানটোৱে । এতিয়া পুনৰ সেৱা মুকলি কৰাৰ পাছত প্ৰতিষ্ঠানটোৱে গুৱাহাটীৰ পৰা প্ৰতি সপ্তাহত দুদিন বিমান সেৱা আগবঢ়াব ।
গুৱাহাটীৰ পৰা পাৰোলৈ ১০০ খন আসনযুক্ত এয়াৰ বাছ-৩২০ চলোৱাৰ সিদ্ধান্ত লৈছে প্ৰতিষ্ঠানটোৱে । তদুপৰি তেওঁলোকে গুৱাহাটীৰ পৰা ছিংগাপুৰৰ ছাংগী বিমান বন্দৰলৈ বিমান চলোৱাৰ সিদ্ধান্ত লৈছে । গুৱাহাটীৰ পৰা পুনৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ হোৱাটোৱে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই শুভ সংবাদ বুলি মত ব্যক্ত কৰিছে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে । উল্লেখ্য যে অসম চৰকাৰে গুৱাহাটী বিমান বন্দৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ত্বৰান্বিত কৰাৰ বাবে ৫ টা নতুন গতিপথত সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ।
এই নতুন গতিপথকেইটা হৈছে- ম্যানমাৰ, বাংলাদেশ আৰু নেপাল ৷ ভাৰত চৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় উড়ান আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাখণ্ডক নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে (International flight service from Guwahati)।
লগতে পঢ়ক: ৰাজ্যৰ ক্ৰীড়া ক্ষেত্রৰ বাবে মুখ্যমন্ত্রীয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা