ETV Bharat / state

ইণ্ডিয়া টুডে’ৰ সমীক্ষাত বিকাশৰ ক্ষেত্ৰত অসমৰ শীর্ষস্থান লাভ - মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰে

সমীক্ষাটোৰ মতে, সামগ্রিকভাৱে উন্নয়নৰ ক্ষেত্ৰত অসমে অন্ধপ্রদেশ, মধ্য প্রদেশৰ দৰে উন্নত ৰাজ্যসমূহকো চেৰ পেলাইছে । অসম স্বীকৃত হৈছে দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰত সর্বাধিক উন্নতি ঘটা ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে ।

ইণ্ডিয়া টুডে’ৰ সমীক্ষাত বিকাশৰ ক্ষেত্ৰত অসমৰ শীর্ষস্থান লাভ

author img

By

Published : Nov 28, 2020, 10:34 PM IST

গুৱাহাটী,২৮ নৱেম্বৰঃ ৰাইজক দিয়া প্রতিশ্রুতি বাস্তৱায়িত কৰি অসমৰ সৰ্বাংগীন বিকাশৰ এক নতুন গতি দিছে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰে । ইণ্ডিয়া টুডে’ গ্রুপৰ দ্বাৰা অনুষ্ঠিত কৰা সমীক্ষাত দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰত সর্বাধিক উন্নতি ঘটা ৰাজ্য হিচাপে অসমে শীর্ষস্থান লাভ কৰিছে ।

ইণ্ডিয়া টুডে’ৰ সমীক্ষাত বিকাশৰ ক্ষেত্ৰত অসমৰ শীর্ষস্থান লাভ
ইণ্ডিয়া টুডে’ৰ সমীক্ষাত বিকাশৰ ক্ষেত্ৰত অসমৰ শীর্ষস্থান লাভ

সমীক্ষাটোৰ মতে, সামগ্রিক ভাৱে উন্নয়নৰ ক্ষেত্ৰত অসমে অন্ধপ্রদেশ, মধ্য প্রদেশৰ দৰে উন্নত ৰাজ্যসমূহকো চেৰ পেলাইছে । অসম স্বীকৃত হৈছে দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰত সর্বাধিক উন্নতি ঘটা ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে । মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে দুর্নীতি অনিয়ম প্রতিৰােধ কৰি জনসাধাৰণৰ স্বাৰ্থত অব্যাহত ৰখা উন্নয়নমূলক কাম-কাজৰ বাবেই এনে স্বীকৃতি লাভ কৰা বুলি মন্তব্য কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্র জানকী খাউণ্ডে মন্তব্য কৰি কয় যে, ২০১৬ চনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰিয়েই অসমক দেশৰ প্রথম শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তেলাৰ প্রতিশ্রুতি দিছিল । সেই প্রতিশ্রুতি অনুসৰি সকলােকে লগত লৈ সকলােৰে বিকাশৰ নীতিৰে চৰকাৰখনে বিগত সময়ছােৱাত দিনে নিশাই উন্নয়নৰ কাম-কাজ কৰি গৈছে । যাৰ বাবে এইবাৰ অসমে সর্বাধিক উন্নতি ঘটা ৰাজ্যৰ ভিতৰত শ্রেষ্ঠত্বৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

ইয়াৰ বাবে বিজেপিৰ ৰাজ্যিক মুখপাত্রগৰাকীয়ে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । লগতে চৰকাৰখনৰ প্রতি আস্থা আৰু বিশ্বাস ৰাখি উন্নয়নমূলক কাম-কাজত সহযােগিতা আগবঢ়াই অহা বাবে ৰাজ্যখনৰ জনসাধাৰণকো তেওঁ ধন্যবাদ জনায় । জানকী খাউণ্ডে কয় যে, জনসাধাৰণক দিয়া প্রতিশ্রুতি সমূহ পালন কৰি অসমক দেশৰ সর্বশ্রেষ্ঠ ৰাজ্য হিচাপে পঢ়ি তুলিবলৈ চৰকাৰ সংকল্পৱদ্ধ আৰু অনাগত দিনতাে ৰাইজক লগত লৈ উন্নয়নৰ এই ধাৰা অব্যাহত ৰাখিব ।

লগতে পঢ়কঃ লিংগ সমতা স্থাপনত অভিলেখ অৰুণাচল প্ৰদেশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.