ETV Bharat / state

সমাগত স্বাধীনতা দিৱসঃ ৰাজ্যজুৰি সষ্টম আৰক্ষী প্ৰশাসন - mankachor

ভাৰত বাংলা সীমান্ত আৰু অসম মেঘালয় সীমান্তৱৰ্তী জিলা খনত যাতে কোনো দুৰ্বৃত্তই কূটাঘাত তথা অঘটন সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনৰ বিভিন্ন থানা এলেকাত পৃথকে পৃথকে চলিছে নাকা চেকিং আৰু তালাচী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ৰাজ্যত সষ্টম হৈ উঠিছে প্ৰশাসন
author img

By

Published : Aug 10, 2019, 8:14 PM IST

নিউজ ডেস্ক, 10 আগষ্টঃ সমাগত স্বাধীনতা দিৱস । তৎপৰ দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষী প্ৰশাসন । পূৰ্ণোদ্যমে চলিছে স্বাধীনতা দিৱসৰ প্ৰস্তুতি । আগন্তুক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ভাৰত তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী প্ৰশাসনেও তৎপৰ হৈ পৰিছে স্বাধীনতা দিৱসকলৈ । ভাৰত বাংলা সীমান্ত আৰু অসম মেঘালয় সীমান্তৱৰ্তী জিলা খনত যাতে কোনো দুৰ্বৃত্তই কূটাঘাত তথা অঘটন ঘটাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনৰ বিভিন্ন থানা এলেকাত পৃথকে পৃথকে চলিছে নাকা চেকিং আৰু তালাচী অভিযান ।

উল্লেখযোগ্য যে, স্বাধীনতা দিৱস উপলক্ষে জিলা প্ৰশাসনে তৎপৰতা চলাই নিয়াৰ সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনেও প্ৰস্তুতি প্ৰায় সম্পন্ন কৰাৰ লগতে আইন শৃংখলাৰ ক্ষেত্ৰতো চোকা দৃষ্টি ৰাখিছে ।

স্বাধীনতা দিৱসৰ প্ৰকমুহূৰ্ত কঠোৰ হৈ উঠিছে গুৱাহাটী প্ৰশাসনো ৷ মহানগৰীৰ ঠায়ে ঠায়ে এতিয়া প্ৰশাসনে চলাইছে তালাচী অভিযান ৷ কি বাইক কি বাছ সকলোতে তালাচী চলাইছে মহানগৰ আৰক্ষীয়ে । স্বাধীনতা দিৱস আগে আগে কোনো কূটাঘাতমূলক ঘটনা যাতে সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে গণেশগুৰিত শনিবাৰে তালাচী চলায় ।
আনহাতে, মহানগৰীৰ আয়ুক্ত দীপক কুমাৰে জানিবলৈ দিয়া অনুসৰি মহানগৰ আৰক্ষীয়ে সৰু সৰু দলত বিভক্ত কৰি এনেদৰে তালাচী চলাব প্ৰশাসনে ।

Intro:সমাগত স্বাধীনতা দিৱস। তৎপৰ দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষী প্ৰশাসন। পূৰ্ণোদ্যমে চলিছে স্বাধীনতা দিৱসৰ প্ৰস্তুতি।Body:
আগন্তুক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ভাৰত তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী প্ৰশাসনেও তৎপৰ হৈ পৰিছে স্বাধীনতা দিৱসকলৈ। ভাৰত বাংলা সীমান্ত আৰু অসম মেঘালয় সীমান্তৱৰ্তী জিলা খনত যাতে কোনো দুৰ্বৃত্তই কোনো কূটাঘাত তথা অঘটন ঘটাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনৰ বিভিন্ন থানা এলেকাত পৃথকে পৃথকে চলিছে নাকা চেকিং আৰু তালাচী অভিযান। ইপিনে জিলাভিত্তিক স্বাধীনতা দিৱস পালন তথা পতাকা উত্তোলনৰ বাবে জিলা সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় ভাবে উদযাপন কৰা হব স্বাধীনতা দিৱস। সেই বাবে জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনেও চলাইছে পূৰ্ণ প্ৰস্তুতি। সম্প্ৰতি খেল পথাৰ খনত আৰক্ষী আৰু স্কুল সমূহৰ স্কাউট আৰু গাইডৰ পেৰেড অনুশীলন চলাই থকা হৈছে।

Byte:- Konkonjoti saikia, SP, SSMConclusion:উল্লেখযোগ্য যে , স্বাধীনতা দিৱস উপলক্ষে জিলা প্ৰশাসন তৎপৰতা চলাই নিয়াৰ সমান্তৰাল ভাৱে আৰক্ষী প্ৰশাসনেও প্ৰস্তুতি প্ৰায় সম্পন্ন কৰাৰ লগতে আইন শৃংখলাৰ ক্ষেত্ৰতো চোকা দৃষ্টি ৰাখিছে।

ধুবুৰীৰ পৰা সাহানুৰ ইসলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.