ETV Bharat / state

অসমত পেট্ৰ’লৰ মূল্য ১২ টকা আৰু ডিজেলৰ মূল্য ১৭ টকা হ্ৰাস

পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত ক্ৰমে ৫ টকা আৰু ১০ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ ৷ ৰাজ্য চৰকাৰৰ পেট্ৰ’ল-ডিজেলৰ ওপৰত আৰোপিত ভেট ৭ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত ৷

author img

By

Published : Nov 4, 2021, 8:33 AM IST

Fuel Price Reduce
Fuel Price Reduce

গুৱাহাটী, 4 নবেম্বৰ : ভাল খবৰ ৷ অসমত প্ৰতি লিটাৰ পেট্ৰ'লত ১২ টকা আৰু ডিজেলত ১৭ টকা হ্ৰাস হ'ল ৷ কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে অসম চৰকাৰেও পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা ৰাজ্যত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৭ টকাকৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে ৷

কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ পাছতে ৰাজ্য চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপিত ভেট ৭ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰে ৷

লগতে চাওক: ৩৬ টা নিগম-নিকায়ৰ অধ্যক্ষ নিযুক্তি; স্থান পালে অগপ-ইউপিপিএলৰ নেতাই

উল্লেখ্য যে, বুধবাৰে নিশা কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ প্ৰতি লিটাৰত ক্ৰমে ৫ টকা আৰু ১০ টকাকৈ আবকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত ঘোষণা কৰে ৷ কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰাৰ কথা ঘোষণা কৰাৰ পাছতে এতিয়া অসমত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য মুঠ ১২ টকা আৰু ডিজেলৰ মূল্য মুঠ ১৭ টকা হ্ৰাস পাব ৷

দেশৰ অধিকাংশ ৰাজ্যত পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰাৰ পাছত জনসাধাৰণৰ মনত সৃষ্টি হোৱা অসন্তুষ্টিৰ পাছতে কেন্দ্ৰ-ৰাজ্য চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লয় ৷

লগতে চাওক: সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়নৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.