গুৱাহাটী, ১৬ আগষ্টঃ কোভিডৰ নামত অসমত এতিয়া চলিছে কেৱল কুটিল ৰাজনীতি । এই অভিযোগ কংগ্ৰেছ দলৰ । শেহতীয়াকৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এজন দেহৰক্ষীৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰাৰ পিছত চৰকাৰে বেআইনীভাবে শইকীয়াৰ নাজিৰাস্থ বাসভৱনটোৱেই কন্টেইনমেন্ট জ'ন ঘোষণা কৰি বিৰোধী দলপতিগৰাকীক একপ্ৰকাৰ গৃহবন্দী কৰাৰ দৰে ৰাখি থৈছে ।
লগতে পঢ়কঃ স্বাস্থ্যৰ কিছু উন্নতি হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ
প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দূৰ্গা দাস বড়োৱে চৰকাৰৰ এনে কাৰ্যক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি কয় যে কোভিডৰ নামত এতিয়া অসমত ৰাজনীতিৰ বাহিৰে একো চলা নাই । দেহৰক্ষীজনৰ শৰীৰত কোভিড ধৰা পৰাৰ পিছত বিৰোধী দলপতি গৰাকীয়ে চৰকাৰৰ নিৰ্দেশ পালন কৰি ইতিমধ্যে নিজকে ১০ দিন নিলগাই ৰাখিছিল।
তেনেক্ষেত্ৰত এতিয়া পুনৰ তেওঁৰ সম্পূৰ্ণ ঘৰটো কন্টেইনমেন্ট জ'ন কৰাৰ যুক্তি ক'ত বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে । ইতিমধ্যে এই সমগ্ৰ বিষয়টো বিৰোধী দলপতিগৰাকীয়ে জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী, বিধানসভাৰ অধ্যক্ষকো অৱগত কৰিছে ।