ETV Bharat / state

আপোনাৰ পাহৰি যোৱা বেমাৰ আছে নেকি?তেনেহ'লে এক ভাল খবৰ

স্মৃতি শক্তি লোপ পোৱা ৰোগী সকললৈ সকাহ দিয়াৰ উদ্দেশ্যি গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ IIT ৰ এক নতুন উদ্ভাৱন ৷প্ৰতিষ্ঠানখনৰ বায়' চায়েন্স আৰু বায়' ইঞ্জিনিয়াৰিং বিভাগ আৰু ইলেকট্ৰ'নিক এণ্ড ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ যৌথ উদ্যোগত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত এক বিশেষ ডিভাইছ। যি ডিভাইছ ব্যৱহাৰ কৰি স্মৃতি শক্তি লোপ পোৱা ৰোগীসকলে ৰক্ষা পাব স্মৃতি শক্তি লোপ পোৱাৰ পৰা৷গৱেষণাগাৰত ইতিমধ্যে সকলো পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণ হোৱা ডিভাইছটোৰ ইতিমধ্যে জন্তুৰ দেহটো পৰীক্ষা আৰম্ভ কৰিছে গবেষকৰ দলটোৱে । অতি সোনকালে মানৱ দেহতো পৰীক্ষা সম্পন্ন হ'ব এই বিশেষ প্ৰযুক্তিবিধৰ ৷

author img

By

Published : May 23, 2020, 7:37 PM IST

IIT Guwahati working on device to help Alzheimer patients
আপোনাৰ পাহৰি যোৱা বেমাৰ আছে নেকি?তেনেহ'লে এক ভাল খবৰ

গুৱাহাটী,23মে':আপোনাৰ নিশ্চয়কৈ মনত আছে বলিউদৰ জনপ্ৰিয় তাৰকা আমীৰ খান অভিনীত ছৱি "গজনী" ! Short term memory loss গজনীৰ চৰিত্ৰই জয় কৰিবলৈ সক্ষম হৈছিল বিশ্ববাসীৰ হৃদয় ৷ ছবিখনৰ মুখ্য চৰিত্ৰ Short term memory loss গজনীয়ে কোনো কথা পাহৰি নাযাবলৈ নিজৰ শৰীৰত লিখি লৈছিল সকলো কথা৷ সেই গজনীৰ দৰে স্মৃতি শক্তি লোপ পোৱা ৰোগী সমগ্ৰ বিশ্বতে আছে লক্ষ লক্ষ জন ৷এলজাইমাৰ নামৰ এই ৰোগত আক্ৰান্ত ৰোগী সকলে ক্ষনিকতে পাহৰি যায় সকলো।কিন্তু এতিয়া আৰু চিন্তা নাই ৷ স্মৃতি শক্তি লোপ পোৱা ৰোগী সকললৈ এটা ভাল খবৰ কঢ়িয়াই আনিছে গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ IIT য়ে ৷ প্ৰতিষ্ঠানখনৰ বায়' চায়েন্স আৰু বায়' ইঞ্জিনিয়াৰিং বিভাগ আৰু ইলেকট্ৰ'নিক এণ্ড ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ যৌথ উদ্যোগত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত এক বিশেষ ডিভাইছ। যি ডিভাইছ ব্যৱহাৰ কৰি স্মৃতি শক্তি লোপ পোৱা ৰোগীসকলে ৰক্ষা পাব স্মৃতি শক্তি লোপ পোৱাৰ পৰা ৷ গৱেষণাগাৰত ইতিমধ্যে সকলো পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণ হোৱা ডিভাইছটো জন্তুৰ দেহত পৰীক্ষা কৰা আৰম্ভ কৰিছে গৱেষকৰ দলটোৱে । অতি সোনকালে মানৱ দেহতো পৰীক্ষা সম্পন্ন হ'ব এই বিশেষ প্ৰযুক্তিবিধৰ ৷

এই সন্দৰ্ভত গৱেষণাত ব্ৰতী বায়'চায়েন্স আৰু বায়'ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক ভি ৰামাকৃষ্ণণ আৰু ইলেকট্ৰ'নিক এণ্ড ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক H B নেমাড়ে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে,এলজাইমাৰ ৰোগত আক্ৰান্ত সকলৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে ডিভাইছতো ৷ যি ডিভাইছ ব্যৱহাৰৰ জৰিয়তে ৰোগীসকলে যথেষ্ট সকাহ পাব বুলি তেওঁলোক আশাবাদী ৷সকলো পৰীক্ষা নিৰীক্ষা সফলভাৱে সম্পূৰ্ণ হ'লে অতি কম দিনৰ সময়তে এলজেইমাৰ ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে ডিভাইছটো মুকলি কৰি দিয়া হ'ব বুলিও জানিবলৈ দিয়ে ৷

আনহাতে প্ৰতিষ্ঠানখনৰ এই উদ্ভাৱনে এতিয়া লক্ষ লক্ষ জনৰ বাবে যে আশাৰ বতৰা কঢ়িয়াই আনিব সেইয়া নুই কৰিব নোাৱৰি ৷

লগতে পঢ়কঃই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃকণমানি দুই ভগ্নীক সহায়ৰ হাত বহুজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.