ETV Bharat / state

গো-মাংসক কেন্দ্ৰ কৰি উত্তপ্ত কলংপাৰ বজাৰ

বুধবাৰে পুৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মহানগৰীৰ নাৰেংগীৰ কলংপাৰ বজাৰত ৷ এজন মাংস ব্যৱসায়ীয়ে গোপনে মুৰ্গী মাংসৰ লগত গো-মাংস বিক্ৰী কৰাৰ কথা পোহৰলৈ অহাত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় বজাৰ খনত ৷ নুনমাটি আৰক্ষীয়ে বজাৰখনত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

Hungama at narengi kalangpar market guwahati assam etv bharat news
উত্তপ্ত কলংপাৰ বজাৰ
author img

By

Published : Oct 21, 2020, 2:02 PM IST

গুৱাহাটী,21 অক্টোবৰ: মহানগৰীৰ নাৰেংগীৰ সমীপৰ কলংপাৰ বজাৰত বুধবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ প্ৰাপ্ত তথ্য অনুসৰি,বজাৰখনত দীৰ্ঘদিনৰ পৰাই গোপনে এজন মাংস ব্যৱসায়ীয়ে বিক্ৰী কৰি আহিছিল গো-মাংস ৷ এই মাংস বিক্ৰী কৰাৰ কথা পোহৰলৈ অহাত বজাৰলৈ অহা ব্যক্তিসকলৰ মাজত তীব্ৰ উত্তেজনা সৃষ্টি হয় ৷ বজাৰখনত থকা এখন মুৰ্গী মাংসৰ বিপণীত গোপনে বিক্ৰী কৰা হৈছিল গো-মাংস ৷ উত্তেজিত ৰাইজে বিপণীখনৰ পৰা উদ্ধাৰ কৰে গো-মাংস ৷

উত্তপ্ত কলংপাৰ বজাৰ

একাংশ উত্তেজিত ৰাইজৰ অভিযোগ অনুসৰি,বিপণীখনত মুৰ্গী মাংসৰ লগতে বিক্ৰী কৰা হৈছিল গো-মাংস ৷ এই কথা পোহৰলৈ অহাৰ পিছতে উত্তেজিত ৰাইজে বজাৰৰ আন কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰিও মাংসৰ বিপণীখন ভাঙি লণ্ড-ভণ্ড কৰে ৷ এই খবৰ লাভ কৰি বজাৰখনত উপস্থিত হয় নুনমাটি আৰক্ষীৰ কেইবাগৰাকীও শীর্ষ বিষয়াৰ লগতে নিউ গুৱাহাটী ৰে’ল আৰক্ষী ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ লগতে বিক্ৰীৰ বাবে মজুত ৰখা মুৰ্গীৰ মাংস আৰু উদ্ধাৰ হোৱা গো-মাংসখিনি জব্দ কৰি নিয়ে আৰক্ষীৰ দলটোৱে ৷ তদুপৰি উত্তেজিত ৰাইজৰ ৰূপ দেখি মাংস ব্যৱসায়ীজন পলাবলৈ ধৰোতে ৰাইজে কিছু দুৰ খেদাৰ পিছত কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক ৷

লগতে চাওকঃ মিজো আৰক্ষীৰ বাধাৰ সন্মুখীন বিধানসভাৰ উপাধ্যক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.