ETV Bharat / state

Gold seized: পুনৰ গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ সোণ - সোণ সৰবৰাহ কৰা ব্যক্তিক গ্ৰেপ্তাৰ

গুৱাহাটী ৰে’ল ষ্টেচনত অবৈধভাৱে সোণ সৰবৰাহ কৰা ব্যক্তিক গ্ৰেপ্তাৰ, লগতে জব্দ সোণ ৷

Gold seized again at Guwahati railway station
সোণ সৰবৰাহ কৰা ব্যক্তিক গ্ৰেপ্তাৰ
author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 8:03 PM IST

গুৱাহাটী, ১৪ নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান ৷ বিভিন্ন প্ৰান্তত প্ৰতিদিনেই আৰক্ষীয়ে কৰায়ত্ত কৰে অবৈধ কাৰবাৰৰ সৈতে জড়িত ব্যক্তিক ৷ শেহতীয়াকৈ পুনৰ গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ সোণ । চৰকাৰী ৰে’ল আৰক্ষীৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ সোণখিনি । চৰকাৰী ৰে’ল আৰক্ষীয়ে অভিযান চলাই তেজস এক্সপ্ৰেছৰ পৰা জব্দ কৰে সোণখিনি । জব্দ কৰা সোণখিনিৰ পৰিমাণ ৫০০ গ্ৰাম বুলি জানিব পৰা গৈছে ৷ ৫০০ গ্ৰাম সোণৰ লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

আগৰতলাৰ পৰা ৰাজস্থানলৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰা হৈছে সোণখিনি । গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীটো হৈছে জয়পুৰৰ গুলো যাদৱ । গুলো যাদৱে সোণখিনি কঁকালত বান্ধি সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল । উল্লেখ্য যে, গুৱাহাটী ৰে’ল ষ্টেচনত ৮ অক্টোবৰত বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হৈছিল । ৰে’ল আৰক্ষীয়ে অভিযান চলাই ১৩ খন সোণৰ বিস্কুট জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল । ধৃত সৰবৰাহকাৰীটো আছিল মহাৰাষ্ট্ৰৰ অমৰ নাথ অশোক স্বাৱন । প্ৰাপ্ত খবৰ অনুসৰি তেওঁৰ বয়স 30 বছৰ ৷

আগৰতলা দেওঘৰ এক্সপ্ৰেছেৰে মহাৰাষ্ট্ৰলৈ সোণখিনি সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীয়ে । গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল সৰবৰাহকাৰীটোক । অবৈধ সামগ্ৰী সৰবৰাহৰ বাবে বহু সময়ত ৰে’লপথটোক বাছি লয় দুষ্ট চক্ৰই । যাৰ বাবে সঘনাই ৰে’ল আৰক্ষীৰ তালাচীত জব্দ হয় অবৈধ সামগ্ৰীসমূহ । আৰক্ষীৰ তালাচীত সোণ, নকল সোণ, ভাং, গাঞ্জা, নগদ ধন, বিদেশী চিগাৰেটকে ধৰি অবৈধ সামগ্ৰী সঘনাই জব্দ কৰা দেখা যায় ।

লগতে পঢ়ক : Wheat seeds recovered : দুৰ্নীতিমুক্ত অসমত বিনামূলীয়া ঘেঁহুৰ বীজৰ ক’লা বেহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.