বৰপেটা ৰোড, 2 অক্টোবৰ : গান্ধী জয়ন্তী উপলক্ষে শুকুৰবাৰে ক’ভিড হাস্পতালৰ চাফাই কৰ্মীসকলক সম্বৰ্ধনা গুৱাহাটী মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষৰ ৷ অনুষ্ঠানটোত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ প্ৰদান বৰুৱা ৷
অনুষ্ঠানটোত অংশ লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,‘‘ক’ভিড হাস্পতালসমূহ পৰিস্কাৰ হৈ থকাৰ মূলতেই এই চাফাই কৰ্মীসকল ৷ তেওঁলোকৰ বাবেহে ৰোগীসকলে হাস্পতালত পৰিস্কাৰ পৰিৱেশত থাকিব পাৰিছে ৷" লগতে সম্পূৰ্ণ অংশকালীনভাৱে সেৱা আগবঢ়াই অহা এই চাফাই কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত তেওঁ কয় যে, ‘‘আমি কাকো এৰি নিদিওঁ ৷ আমি সকলোৰে খবৰ ৰাখিছো ৷ ক’ভিডৰ শেষত আমি তেওঁলোকৰ ব্যৱস্থা কৰিম ৷ আপোনালোকে মাত্ৰ একাগ্ৰতাৰে কাম কৰক ৷”
আনহাতে এই অনুষ্ঠানতে কৃষক মুক্তি আৰু 70 টা দল-সংগঠনৰ আঞ্চলিক ৰাজনৈতিক দল গঠন সন্দৰ্ভত তেওঁ কটাক্ষ কৰি কয় যে, "এনেকৈ এটা এটাকৈ দল খুলিলে কি লাভ হ’ব ৷ সকলোৱে ঐক্যবদ্ধ হৈ যুঁজ দিলেহে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ভাল পাম ৷ দল গঠন কৰা সকলোৱেই হাৰিব ৷"
লগতে পঢ়ক: ছয়গাঁৱত মুখত মাস্ক নিপিন্ধাকৈ বিজেপিৰ সভা