ETV Bharat / state

মাধৱদেৱৰ তিথি উপলক্ষে ১৫ ছেপ্টেম্বৰত চৰকাৰী বন্ধ ঘোষণা - Bhakti Ratnavali

ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ জাননী জাৰি। ১৪ ছেপ্তেম্বৰৰ পৰিৱৰ্তে ১৫ ছেপ্টেম্বৰত উদযাপন কৰা হ'ব গুৰুজনাৰ তিথি(Death Anniversary of Madhavdeva)। ৰাজ্যৰ বিভিন্ন সত্ৰৰ পৰা পোৱা আৱেদনৰ ভিত্তিতে ৰাজ্য চৰকাৰৰ গ্ৰহণ কৰে এই সিদ্ধান্ত।

Death Anniversary of Madhavdeva
১৫ ছেপ্টেম্বৰত মাধৱদেৱৰ তিথি উপলক্ষে বন্ধ ঘোষণা
author img

By

Published : Sep 13, 2022, 8:23 PM IST

গুৱাহাটী,১৩ ছেপ্তেম্বৰ: শ্ৰীশ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে ৰাজ্য চৰকাৰে ১৪ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা কৰিছে । পূৰ্বে ১৪ ছেপ্টেম্বৰত এই বন্ধ দিয়া হৈছিল । শ্ৰীশ্ৰী মাধৱদেৱ তিথি উপলক্ষে ৰাজ্য চৰকাৰে জাৰি কৰিছে বিশেষ জাননী । সেই অনুসৰি ১৫ ছেপ্টেম্বৰতহে অনুষ্ঠিত হ'ব শ্ৰীশ্ৰী মাধৱ দেৱৰ পবিত্ৰ তিথি(Holyday on Death Anniversary of Madhavdeva) । এইবাৰ ১৪ ছেপ্টেম্বৰত গুৰুজনাৰ তিথি উদযাপন কৰাৰ কথা আছিল । কিন্তু ৰাজ্যৰ বিভিন্ন সত্ৰৰ পৰা পোৱা আৱেদনৰ ভিত্তিতে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য় যে ৰাজ্য়ৰ সত্ৰসমূহে ১৪ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ১৫ ছেপ্টেম্বৰতহে গুৰুজনাৰ তিথি উদযাপনৰ বিষয়ে আৱেদনৰ জৰিয়তে প্ৰস্তাৱ আগবঢ়াইছিল। সেই প্ৰস্তাৱৰ ভিত্তিতে ৰাজ্য চৰকাৰে ১৪ ছেপ্তেম্বৰৰ পৰিৱৰ্তে ১৫ ছেপ্তেম্বৰত শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি পালনৰ তথা বন্ধৰ জাননী জাৰি কৰিছে।

Death Anniversary of Madhavdeva
১৫ ছেপ্টেম্বৰত মাধৱদেৱৰ তিথি উপলক্ষে বন্ধ ঘোষণা

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ (Mahapurush Srimanta Sankaradeva) অন্যতম প্ৰধান শিষ্য আছিল শ্ৰী শ্ৰী মাধৱদেৱ। তেওঁৰ গুৰু ভক্তিৰ বাবে বিশেষভাৱে জনা যায় । তদুপৰি মহাপুৰুষগৰাকীক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়।তেওঁ কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা( Namghosha) আৰু ভক্তি ৰত্নাৱলী(Bhakti Ratnavali) মাধৱদেৱৰ অনুপম সৃষ্টি।

১৪৮৯ চনত নাৰায়ণপুৰ নামে ঠাইৰ ৰঙাজান আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত লেতেকুপুখুৰী (Letekupukhuri in Lakhimpur)নামৰ ঠাইৰ হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হৈছিল। প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজলগা কাপোৰ ধোৱাৰ বাবে জানটোৰ পানীৰ বৰণ ৰঙা হোৱাত পৰৱৰ্তী সময়ত ইয়াৰ নাম ৰঙাজান হয়।

লগতে পঢ়ক:ভূমিহীনক ভূমি প্ৰদানৰ দাবীত উত্তাল চচলৰ প্ৰতিবাদ স্থলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.