ETV Bharat / state

Manipur Violence: মণিপুৰৰ দুই কুকি বিদ্ৰোহী গোটৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক - উগ্ৰপন্থী বিৰোধী অভিযান

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত মণিপুৰৰ দুটা কুকি বিদ্ৰোহী গোটৰ নেতা ৷ দেওবাৰে সম্পন্ন হৈ যায় এই বৈঠক ।

Assam CM meet Rebel Groups
মণিপুৰৰ দুই কুকী বিদ্ৰোহী গোটৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক সম্পন্ন
author img

By

Published : Jun 14, 2023, 1:10 PM IST

Updated : Jun 14, 2023, 1:27 PM IST

তেজপুৰ, 14 জুন: 2017 চনত মণিপুৰত বিধানসভা নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত কৰিবলৈ কৰিবলৈ মুখ্যমন্ত্ৰী কুকী সংগঠনৰ সৈতে বুজাবুজি কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পাচতেই তোলপাৰ লাগিছে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় ৰাজনীতি ৷ ইউনাইটেড কুকি লিবাৰেশ্যন ফ্ৰণ্টৰ অধ্যক্ষ এছ এছ হাওকিপে গৃহমন্ত্ৰী অমিত শ্বাহলৈ লিখা এখন পত্ৰত পোহৰলৈ আহিছে কথা ৷ ইয়াকে এতিয়া বিৰোধীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

বিষয় সন্দৰ্ভত ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থী বিৰোধী অভিযান বন্ধ ৰখা দুই কুকি সংগঠনৰ নেতাসকলক সাক্ষাৎ কৰে । এক বিশেষ সূত্ৰই জনোৱা মতে, নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে গুৱাহাটীত Suspension of Operations চমুকৈ SoO ৰ অধীনস্থ মণিপুৰৰ পৰা অহা দুটা কুকি বিদ্ৰোহী গোটৰ চাৰিজন নেতাক সাক্ষাৎ কৰে । এই কুকি বিদ্ৰোহী গোট ক্ৰমে কুকি নেচনেল অৰ্গেনাইজেচন কে এন অ’ (KNO) আৰু ইউনাইটেড পিপলছ ফ্ৰণ্ট (UPF)ৰ দুই গোটৰ চাৰিজন নেতা বুলি জানিবলৈ পৰা গৈছে ৷

এই বৈঠকত মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এক ৰুদ্ধদ্বাৰ আলোচনা কৰা হয় আৰু সূত্ৰটোৱে জনোৱা মতে, SoO ৰ অধীনত কুকি সংগঠনৰ নেতাসকলৰ লগত হোৱা আলোচনাত নেডাৰ আহ্বায়কে সন্তুষ্টি প্ৰকাশ কৰে । “সভাখন ফলপ্ৰসূ আছিল, নেডাৰ আহ্বায়কৰ হস্তক্ষেপৰ পিচত কুকি নেতাসকলে মণিপুৰত শান্তি পুনৰ ঘূৰাই অনাৰ বাবে চেষ্টা চলাব’’ ৷ সূত্ৰটোৱে কয় । আনহাতে ইয়াৰ পূৰ্বে 10 জুনত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মণিপুৰৰ ইম্ফল ভ্ৰমণ কৰি মণিপুৰৰ সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে আলোচনাত মিলিত হয় ।

Assam CM meet Rebel Groups
কুকী বিদ্ৰোহী গোটৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

উল্লেখ্য যে, বৰ্তমানেও মণিপুৰত অব্যাহত আছে হিংসাত্মক পৰিস্থিতি ৷ বিষ্ণুপুৰ জিলা মণিপুৰৰ গোবিন্দপুৰৰ মেইটেই গাঁৱৰ ফালে সন্দেহযুক্ত অস্ত্ৰধাৰী কুকি উগ্ৰপন্থীয়ে গুলীচালনা কৰে মংগলবাৰৰ দিনটোত । সূত্ৰটোৱে জানিবলৈ দিয়া মতে, সন্দেহযুক্ত অস্ত্ৰধাৰী কুকি উগ্ৰপন্থীয়ে গোবিন্দপুৰৰ মেইটেই গাঁৱত আক্ৰমণ কৰে । গাঁওখনত কৰ্তব্যৰত স্বেচ্ছাসেৱকসকলেও গুলীচালনা কৰে ।

Assam CM meet Rebel Groups
মণিপুৰৰ দুই কুকী বিদ্ৰোহী গোটৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক সম্পন্ন

আনফালে মঙ্গলবাৰে নিশা পূৱ ইম্ফলৰ মেইটেই গাঁৱত কুকি বিদ্ৰোহীৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত এগৰাকী মহিলাৰ সৈতে 9 জন লোকৰ মৃত্যু হয় বুলি মণিপুৰৰ তথ্য জনসংযোগ বিভাগৰ সঞ্চালক হেইছমান বালাকৃষ্ণণনে ইটিভি ভাৰতক জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Himanta Biswa sarma Militant link: মণিপুৰত বিজেপিৰ চৰকাৰ গঠন কৰাত আছিল উগ্ৰপন্থী সংগঠনৰ হাত !

Last Updated : Jun 14, 2023, 1:27 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.