ETV Bharat / state

Guwahati Doctor Couple case : শিশু বিক্ৰীৰ লগত মহানগৰীৰ একাংশ IVF চিকিৎসক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ - শিশু দুটি নিৰ্যাতনৰ ঘটনাৰ তথ্য

সংগীতাকাণ্ডৰ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে (Dr Sangeeta Dutta case) ৷ চেইন চেষ্টমত শিশু বিক্ৰী হয় বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে (Allegation against Doctor couple to abuse child) ৷ ইতিমধ্যে চিকিৎসক ৱালিউল ইছলাম, বন কৰা মহিলাদ্বয় লক্ষী ৰায় আৰু কাবাইৰ আৰক্ষীৰ জিন্মাৰ ম্যাদ উকলি গৈছে ৷ সেয়ে সোমবাৰে তিনিওকে আদালতত হাজিৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হয় । ইফালে শিশু বিক্ৰীৰ লগত মহানগৰীৰ একাংশ IVF চিকিৎসকো জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

Doctor Couple case
সংগীতাকাণ্ডৰ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে
author img

By

Published : May 15, 2023, 9:06 PM IST

সংগীতাকাণ্ডৰ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে

গুৱাহাটী, ১৫ মে’ : মহানগৰীৰ শিশু নিৰ্যাতনৰ ঘটনাৰ তদন্তত নিতৌ পোহৰলৈ আহিছে ন ন তথ্য (Dr Sangeeta Dutta case) । এজনৰ পাচত আন এজনক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে (Doctor Couple case) । ইতিমধ্যে ঘটনা সংক্ৰান্তত চিকিৎসকসহ ৫ জন গ্ৰেপ্তাৰ হৈছে । চিকিৎসক ৱালিউল ইছলাম, বন কৰা মহিলাদ্বয় লক্ষী ৰায় আৰু কাবাইৰ আৰক্ষীৰ জিন্মাৰ ম্যাদ উকলি যোৱাত সোমবাৰে আদালতত হাজিৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হয় ।

ঘটনাৰ তদন্তত শিশু বিক্ৰীৰ আঁৰৰ বৃহৎ চক্ৰৰ কথা পোহৰলৈ আহিছে । তথ্য অনুসৰি, চেইন চিষ্টমত হয় শিশু বিক্ৰী । শিশু বিক্ৰীৰ লগত মহানগৰীৰ একাংশ IVF চিকিৎসক জড়িত থকাৰ সন্দেহ কৰা হৈছে । ঘটনাৰ তদন্তত আৰক্ষীৰ জালত চিকিৎসক পৰাৰো সম্ভাৱনা আছে (Allegation against Doctor couple to abuse child)।

আনহাতে, দেওবাৰৰ নিশা বৰপেটাৰ পৰা মহানগৰ আৰক্ষীয়ে আটক কৰিছে আন এগৰাকী মহিলাক । ২ আশাকৰ্মীৰ স্বীকাৰোক্তিৰ ভিত্তিত আটক কৰা হৈছে মহিলাগৰাকীক । সংগীতা দত্ত আৰু উৎপলা বসুক মুখামুখিকৈ বহুৱাই জেৰা কৰিছে আৰক্ষীয়ে । শিশু কিনা-বেচাক লৈ সংগীতা, উৎপলাৰ বিপৰীত ভাষ্য । প্ৰকৃততে ক’ৰ পৰা অনা হৈছিল এই শিশু দুটিক, উৎপলাক কোনে যোগান ধৰিছিল শিশু দুটি সেই তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : Sangeeta Dutta case: পুনৰ ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ডাঃ সংগীতা দত্তক

গুৱাহাটীৰ অভিজাত চেলিব্ৰেটি চিকিৎসক দম্পতীৰ হাতত নিৰ্যাতন তথা যৌন উৎপীড়নৰ বলি হোৱা নিষ্পাপ শিশু দুটিৰ প্ৰকৃত জন্মদাতা পিতৃ-মাতৃ কোন সেই সন্দৰ্ভত লাভ কৰা নাই কোনো তথ্য (Assam Doctor couple to abuse child) ৷ ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তক শিশু দুটিক যোগান ধৰা মধ্যভোগী দালাল উৎপলা বসুৰ লগতে দুই আশাকৰ্মী লালবানু নেছা আৰু ছাবেৰা বেগম জালত পৰিলেও ভুক্তভোগী শিশু দুটিৰ প্ৰকৃত পিতৃ-মাতৃৰ সন্ধান উলিওৱাত হাবাথুৰি খাবলগীয়া হৈছে গুৱাহাটী আৰক্ষী ।

ইফালে কেইবা লক্ষাধিক টকাৰ বিনিময়ত শিশু দুটিক ক্ৰয় কৰিছিল অভিযুক্ত চিকিৎসক দম্পতীয়ে । ল’ৰা শিশুটিক ৫০ হাজাৰ টকাৰ বিনিময়ত ক্ৰয় কৰিছিল ডাঃ সংগীতা দত্তই । শিশু দুটি যমজ সন্তান বুলি চিকিৎসক দম্পতীয়ে দাবী কৰিছিল যদিও আৰক্ষীৰ তদন্তত শিশু দুটি যমজ নহয় বুলি পোহৰলৈ আহিছে । কন্যা শিশুটি বৰপেটাৰ পৰা অনা বুলি প্ৰকাশ কৰিছে যদিও প্ৰকৃত পৰিচয় উদঘাটন হোৱা নাই । ইপিনে ল’ৰা শিশুটিৰ মাতৃ বিবাহ বিচ্ছেদিত মহিলা বুলি জানিব পৰা গৈছে ।

শিশু দুটি নিৰ্যাতনৰ ঘটনাৰ তথ্য পোহৰলৈ অহাৰ পাচতে শিশু সৰবৰাহৰ ভয়ংকৰ তথ্যও পোহৰলৈ আহিছে । শিশু দুটি ক্ৰয় বিক্ৰয়ৰ ঘটনাৰ লগত জড়িত থকা আশা কৰ্মীক জেৰাৰ পাচতে এই তথ্য পোহৰলৈ আহিছে । আশাকৰ্মীৰ পৰা শিশু দুটি ক্ৰয় কৰি উৎপলা বসুৱে সংগীতা দত্তক ল'ৰা শিশুটি ৫০ হাজাৰ টকাত বিক্ৰী কৰিছিল । উৎপলা বসুৱে ল'ৰা সন্তানটিৰ মাতৃক ১০ হাজাৰ টকা দিছিল বুলি জানিব পৰা গৈছে । অৱশ্যে কন্যা শিশুটিৰ কোনো তথ্য পোহৰলৈ অহা নাই । আনহাতে, সমগ্ৰ ঘটনাটোৰ ৰাজসাক্ষী হ’ব পাৰে দুই আশাকৰ্মী ।

লগতে পঢ়ক : Sangeeta Dutta case : ধৃত আশাকৰ্মীৰ স্বীকাৰোক্তি; নিৰ্যাতিতা কন্যা শিশুটিক অনা হৈছিল বৰপেটা পৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.