ETV Bharat / state

উচ্চতম ন্য়ায়ালয়ত অসমৰ খিলঞ্জীয়াৰ সুৰক্ষা সম্পৰ্কীয় শুনানি আৰম্ভ - indigenous people of Assam

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আৰম্ভ হ’ল অসমৰ খিলঞ্জীয়াৰ সুৰক্ষা সম্পৰ্কীয় অসম সন্মিলিত মহাসংঘৰ গোচৰৰ শুনানি ৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰে ৷

protection of indigenous people of Assam

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 9:20 PM IST

Updated : Dec 5, 2023, 10:59 PM IST

গুৱাহাটী, 5 ডিচেম্বৰ: মঙলবাৰে বহু প্ৰত্যাশিত অসমৰ খিলঞ্জীয়াৰ সুৰক্ষা সম্পৰ্কীয় অসম সন্মিলিত মহাসংঘৰ গোচৰৰ শুনানি উচ্চতম ন্য়ায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত আৰম্ভ হয় । ভাৰতৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশোৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠত ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ এম এম সুন্দৰেছ, ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰ আছিল ।

ভাৰতৰ প্ৰখ্যাত জ্যেষ্ঠ অধিবক্তা শ্যাম দিৱানে বিচাৰপীঠত মহাসংঘ-আহোম সভা আদিৰ হৈ অতি বিস্তাৰিতভাৱে বৃটিছৰ উপনিৱেশিক চৰকাৰৰ পৰা বৰ্তমানৰ চৰকাৰলৈকে বিদেশীৰ আগ্ৰাসনৰ ফলত হোৱা অসমৰ ক্ষতিৰ কথা ব্যাখ্যা কৰে ।

ইয়াণ্ডাবু সন্ধি, বৃটিছৰ শাসন, খিলঞ্জীয়াৰ মাটি-সম্পত্তি দখল, ঘৰদুৱাৰ ভস্মীভূত, হত্যাকাণ্ড, ৰাজনৈতিক দলবোৰে ভোটবেংকৰ বাবে বিদেশীক ৰক্ষণাবেক্ষণ দিয়া, বিদেশীক ভোটাধিকাৰ দি খিলঞ্জীয়াক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰা, অসমত ক্ৰমান্বয়ে অসমীয়াভাষী তথা খিলঞ্জীয়া জনগোষ্ঠীয়ভাষী লোক সংখ্যালঘু হোৱা, বাঙালী ভাষী লোকৰ সংখ্যা বৃদ্ধি হোৱা, নেলী, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, ধুবুৰী আদি বিভিন্ন ঠাইত হোৱা সংঘৰ্ষ, হত্যাকাণ্ড আদি সন্দৰ্ভত অকাট্য যুক্তি আগবঢ়ায় জ্যেষ্ঠ অধিবক্তা দিৱানে ৷

তাৰোপৰি অসমৰ বিদেশী সমস্যাৰ গভীৰতা সম্পৰ্কে ল কমিচন অৱ ইণ্ডিয়াই দিয়া ৰিপ'ৰ্ট, হৰিশংকৰ ব্ৰহ্ম সমিতিৰ ৰিপ'ৰ্ট, অসমৰ প্ৰাক্তন ৰাজ্যপাল এছ কে সিনহাই দিয়া ৰিপ'ৰ্ট, আই এম ডি টি আইন অ-সাংবিধানিক বুলি বাতিল কৰি ছুপ্ৰিম কৰ্টে বিদেশীক নীৰৱ আগ্ৰাসনকাৰী আখ্যা দি থোৱা ৰিপ'ৰ্ট আদিৰ তথ্য দাঙি ধৰি নাগৰিকত্ব আইনৰ ৬(ক) অসাংবিধানিক, স্বৈৰাচাৰী আৰু পক্ষপাতমূলক বুলি অভিহিত কৰি শীঘ্ৰে বাতিল কৰিবলৈ আবেদন জনায় জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে । দিৱানক সহযোগ কৰিছিল অধিবক্তা সমীৰণ শৰ্মাই ।

মুখ্য ন্যায়াধীশে চলিচিটৰ জেনেৰেল তুষাৰ মেহতাক নাগৰিকত্ব আইনৰ ৬(ক)ৰ জৰিয়তে কিমান বিদেশীয়ে নাগৰিকত্ব পাইছে বুলি প্ৰশ্ন কৰাত তেওঁ দুই/তিনিদিনৰ পিছতহে উত্তৰ দিব পাৰিব বুলি জনায় । ফলত শুনানি আধৰুৱা হৈ ৰয় । বুধবাৰে পুনৰ ১০.৩০ বজাৰ পৰা শুনানি অনুষ্ঠিত হ'ব ।
অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি তথা প্ৰধান গোচৰীয়া মতিউৰ ৰহমানে সংবাদ মাধ্যমক এই কথা জনায় ।

লগতে পঢ়ক: বিৰোধী ঐক্য শক্তিশালী হ'লেহে লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাটো সম্ভৱ : লুৰীণজ্যোতি গগৈ

Last Updated : Dec 5, 2023, 10:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.