ETV Bharat / state

৭০ গৰাকী শিশুক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব স্বাস্থ্য বিভাগে

author img

By

Published : Sep 19, 2020, 2:17 PM IST

শিশু সকলৰ ২০ গৰাকীক বাংগালুৰুত, ১৫ গৰাকী শিশুক কলকাতাত আৰু আন ৩৫ গৰাকী শিশুক গুৱাহাটীত অস্ত্ৰোপচাৰ কৰা হ'ব‌। এই কথা সদৰি কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

HEALTH DEPARTMENT WILL PROVIDE FREE TREATMENT TO 70 CHILDREN
৭০ গৰাকী শিশুক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব স্বাস্থ্য বিভাগে

গুৱাহাটী, 19 ছেপ্তেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ CHD আঁচনিৰ শুভাৰম্ভণী অনুষ্ঠান । গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এই আঁচনিৰ শুভাৰম্ভণী কৰিলে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্য চৰকাৰৰ সেৱা সপ্তাহৰ কাৰ্যসূচী অনুসৰি শুভাৰম্ভণী কৰা এই আঁচনিৰ জড়িয়তে দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰাজ্যৰ মুঠ ৭০ গৰাকী শিশুক প্ৰদান কৰা হ'ব উন্নত মানৰ বিনামূলীয়া চিকিৎসা । ইয়াৰে মুঠ ৬৪ গৰাকী শিশুৰ হৃদপৃণ্ডৰ অস্ত্ৰোপচাৰ কৰাৰ লগতে ৬ গৰাকী শিশুৰ কৰা হ'ব Bone Marro transplant. শিশু সকলৰ ২০ গৰাকীক বাংগালুৰুত, ১৫ গৰাকী শিশুক কলকাতাত আৰু আন ৩৫ গৰাকী শিশুক গুৱাহাটী অস্ত্ৰোপচাৰ কৰা হ'ব‌। এই কথা সদৰি কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়কঃ পুনৰ পাঠদানৰ বাবে সাজু জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়

সমান্তৰালভাৱে CSD আঁচনিৰ অন্তৰ্গত ৮৫২ গৰাকী শিশুক আগন্তুক ৩ মাহৰ ভিতৰত অস্ত্ৰোপচাৰৰ বাবে বাংগালুৰুলৈ পঠিওৱা হ'ব বুলিও মন্তব্য কৰিলে মন্ত্ৰী গৰাকীয়ে । আনহাতে কিডনী, লিভাৰৰ ৰোগত আক্ৰান্ত যিসকল শিশুক ধনৰ অভাৱত চিকিৎসা প্ৰদান কৰিব পৰা নাই তেনে শিশু সকলক অহা ১০ অক্টোবৰত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ আহিবলৈ আহ্বান জনালে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ।

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে পালন কৰা হৈছে সেৱা সপ্তাহ। অসমতো ৰাজ্য চৰকাৰে ঘোষণা কৰিছে সেৱা সপ্তাহৰ একাধিক কাৰ্যসূচী। আৰ তাৰে ভিতৰত শিশু সকলৰ বাবে ঘোষণা কৰা এই আঁচনি অন‍্যতম। এই আঁচনি অনুসৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত সকলো শিশুকে কৰা হ'ব সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.