গুৱাহাটী,11 অক্টোবৰঃ দেওবাৰে মহানগৰীৰ হেল্থ চিটি হাস্পতালৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতা মূলক বাইক ৰেলী ৷ আন্তজাৰ্তিক স্তন কেন্সাৰ সজাগতা মাহ উপলক্ষে গণ সজাগতা সৃষ্টিৰ উদ্দেশ্যে উলিওৱা হয় এই বাইক ৰেলী ৷
এক মহৎ উদ্দেশ্যৰে আয়োজিত এই বাইক ৰেলীৰ শুভাৰম্ভ কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মুখ্য সচিব সমীৰ সিনহা আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে ৷ সজাগ আৰু আগতীয়া সতৰ্ক হৈ থাকিলে নিৰাময় যে হ’ব পাৰে, তাৰ প্ৰতি সকলোৰে মাজলৈ এই বাৰ্তা দিয়াৰ এক প্ৰয়াস কৰিলে হেল্থ চিটি কৰ্তৃপক্ষই ৷
লগতে পঢ়কঃ শনিবাৰে শুভমুক্তি দৰ্শন শইকীয়াৰ নতুন এলবাম "আবেগ"