ETV Bharat / state

ৰাজ্যৰ বিভিন্ন স্থানত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন - Jorhat District Employee Association

বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ সাময়িক সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাজ্যখনৰ ভিভিন্ন প্ৰান্তত বিতৰণ কৰিছে সাহায্য সামগ্ৰী আৰু আয়োজন কৰিছে  বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ৷

ৰাজ্যৰ বিভিন্ন স্থানত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন
author img

By

Published : Jul 28, 2019, 9:50 PM IST

টীয়ক, 28 জুলাইঃ ৰাজ্যৰ বিগত ভয়াৱহ বানত জুৰুলা হোৱা বানাক্ৰান্তক সাহায্য সামগ্ৰী বিতৰণ আৰু বানৰ পাছত জনস্বাস্থ্য সম্বন্ধীয় দিশত লাগতিয়াল দিহা-পৰামৰ্শ আৰু সজাগতাৰে কিছু সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন দল-সংগঠন, বেচৰকাৰী সংস্থা তথা স্বেচ্ছাসেৱী সংগঠনে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বানাক্ৰান্তৰ মাজত বিতৰণ কৰিছে সাহায্য সামগ্ৰী তথা আয়োজন কৰিছে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ৷

ৰাজ্যৰ বিভিন্ন স্থানত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

যোৰহাট জিলা কৰ্মচাৰী পৰিষদ আৰু টীয়ক আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত যোৰহাট জিলা চিকিৎসা সেৱা সন্থা ,টীয়ক প্ৰেছ ক্লাৱ আৰু জাঁজীমুখ জনজাগৰণ মঞ্চৰ সহযোগত বিনামূলীয়া ঔষধ আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ জাঁজীমুখ প্লেটফৰ্মৰ সমীপত বজাৰ গৃহত আয়োজন কৰা হয় । বানৰ পাছত হ'ব পৰা সংক্ৰামক ৰোগ প্ৰতিৰোধ, তেজ পৰীক্ষাৰ লগতে স্বাস্থ্য সম্বন্ধীয় সজাগতা অনাৰ উদ্দেশ্যে এই শিবিৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ।অঞ্চলটোৰ প্ৰায় তিনি শতাধিক ৰাইজে অংশগ্ৰহণ কৰা এই শিবিৰত জ্বৰ, পানী লগা, তেজ আদি বিনামূলীয়া পৰীক্ষা তথা ঔষধ বিতৰণ কৰা পৰিলক্ষিত হৈছে ।

সমান্তৰালভাৱে গুৱাহাটীৰ প্ৰতীক্ষা নাৰ্ছিং হোম এণ্ড মেডিকেল লিমিটেডে বৰপেটা জিলাৰ বিভিন্ন বানপীড়িত অঞ্চলত সাহায্য সামগ্ৰী বিতৰণ কৰাৰ লগতে বন্যাৰ্তৰ স্বাস্থ্য সম্বন্ধীয় সজাগতা আৰু চিকিৎসাৰ অৰ্থে আয়োজন কৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ৷

আঠগাঁৱত বন্যাৰ্তৰ কাষত থিয় দিয়ে GMCH ৰ 1971 চনৰ উৰ্ত্তীণ বিদ্যাৰ্থীৰ গ্ৰুপ ৷ দলটোত উপস্থিত থকা কেইবাজনো বিশেষজ্ঞ চিকিৎসকে স্বাস্থ্য শিবিৰত উপস্থিত থকা ৰাইজৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে ৷

Intro:Body:জাঁজীমুখত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
TEOK: যোৰহাট জিলা কৰ্মচাৰী পৰিষদ আৰু টীয়ক আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত যোৰহাট জিলা চিকিৎসা সেৱা সন্হা,টীয়ক প্ৰেছ ক্লাৱ আৰু জাঁজীমুখ জনজাগৰণ মঞ্চৰ সহযোগত বিনামূলীয়া ঔষধ আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ জাঁজীমুখ প্লেটফৰ্মৰ সমীপত বজাৰ গৃহত আয়োজন কৰা হয়।বানপানীৰ পাছত হ'ব পৰা সংক্ৰামক ৰোগ প্ৰতিৰোধ, তেজ পৰীক্ষাৰ লগতে স্বাস্থ্য সম্বন্ধীয় সজাগতা অনাৰ উদ্দেশ্যে এই শিবিৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।অঞ্চলটোৰ প্ৰায় তিনি শতাধিক ৰাইজে অংশগ্ৰহণ কৰা এই শিবিৰত জ্বৰ, পানী লগা, তেজ আদি বিনামূলীয়া পৰীক্ষা তথা ঔষধ বিতৰণ কৰা পৰিলক্ষিত হৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.