ETV Bharat / state

আৰক্ষী-আয়কৰ বিভাগৰ লোক দেখি গৰাকীয়ে পাহৰিলে টকাৰ উৎস !

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 6:24 PM IST

আকৌ হাৱালা চক্ৰ উৎখাত গুৱাহাটীত ৷ ৰাজধানী চহৰ গুৱাহাটী বিভিন্ন অপৰাধীৰ ঘাটিস্বৰূপ হৈ পৰাৰ লগতে এতিয়া হাৱালা চক্ৰৰ বাবেও যেন হৈ পৰিছে ভূ-স্বৰ্গ ৷ সবিশেষ জানিবলৈ বাতৰিটো আগলৈ পঢ়ক-

two persons detained with huge sum of money in guwahati
উৎখাত এটা আন্তঃৰাষ্ট্ৰীয় হাৱালা চক্ৰ

গুৱাহাটী, 22 নৱেম্বৰ : পুনৰ গুৱাহাটী মহানগৰীত চুপাৰি ব্যৱসায়ীৰ হাতৰ পৰা উদ্ধাৰ হ’ল ডেৰ কোটিতকৈয়ো অধিক টকা ৷ সচৰাচৰ হোৱাৰ দৰে মহানগৰীৰ ব্যস্ত ব্যৱসায়িক অঞ্চল আঠগাঁৱৰ পৰাই এই বিশাল পৰিমাণৰ ধনখিনি উদ্ধাৰ কৰা হয় ৷ আঠগাঁৱৰ এম এছ ৰোডত অভিযান চলাই আয়কৰ বিভাগে এই ধনখিনি উদ্ধাৰ কৰাৰ লগতে এটা আন্তঃৰাষ্ট্ৰীয় হাৱালা চক্ৰকো উৎখাত কৰে ৷ সন্দেহ কৰা হৈছে, এই হাৱালা চক্ৰটোৱে বিগত দীৰ্ঘসময় ধৰি এইদৰে বেআইনীভাৱে কোটি কোটি টকাৰ লেনদেন কৰি আহিছিল ৷

আয়কৰ বিভাগে অভিযান চলাই এম এছ ৰোডত উৎখাত কৰা এই চক্ৰটোৰ সৈতে জড়িত দুজন লোককো আটক কৰে ৷ লোক দুজন হৈছে ৰাজস্থানৰ দেৱকৰণ সেন (27) আৰু মনোজ কুমাৰ (47) ৷ দুয়োৰে পৰা উদ্ধাৰ কৰা ধনৰ পৰিমাণ হৈছে প্ৰায় 1,69,70,000 টকা ৷ আশ্চৰ্যজনক কথাটো হ’ল আঠগাঁৱৰ এম এছ ৰোডৰ জমীৰ আহমেদ নামৰ লোকজনৰ ঘৰৰ দ্বিতীয় মহলাত ভাড়াতীয়া হিচাপে আছিল ৰাজস্থানৰ এই লোক দুজন ৷ এই ঘৰটোৰ পৰাই সুদীৰ্ঘ সময় ধৰি দুয়োৱে চলাই গৈছিল চাহপাত আৰু চুপাৰিৰ ব্যৱসায় ৷

hawala two persons detained with huge sum of money in guwahati
উৎখাত এটা আন্তঃৰাষ্ট্ৰীয় হাৱালা চক্ৰ

আৰক্ষীৰ জেৰাত দুয়োৱে বহুখিনি কথাই স্বীকাৰ কৰিছে যদিও প্ৰায় এক কোটি সত্তৰ লাখ টকা কিয় এনেদৰে মজুত কৰি ৰাখিছিল তাৰ কোনো সদুত্তৰ দিব পৰা নাই লোক দুজনে ৷ কি উৎসৰ পৰা এই বৃহৎ ধনৰাশি আহিছিল বা এই ধন ক’ত ব্যৱহাৰ কৰা হ’লহেতেন তাৰো কোনো বিশ্বাসযোগ্য উত্তৰ তেওঁলোকৰ হাতত নাই ৷ প্ৰাথমিক জেৰা আৰু অনুসন্ধানত আৰক্ষী আৰু আয়কৰ বিভাগে সন্দেহ কৰিছে যে, এই চক্ৰটোৱে দীঘলীয়া সময় ধৰি হাৱালাৰ জৰিয়তে ধনৰ লেনদেন কৰি আহিছিল ৷ কেৱল এই দুজন লোকেই নহয়, চক্ৰটোৰ সৈতে আৰু বহু লোক জড়িত থকাৰ সন্দেহ কৰিছে আয়কৰ বিভাগে ৷ ভৰলুমুখ আৰক্ষীৰ সহযোগত প্ৰায় দহ ঘণ্টাজুৰি চলোৱা অভিযানত এই ধনখিনি উদ্ধাৰ কৰা হয় ৷

লগতে পঢ়ক : এ পি এছ চি কেলেংকাৰী: বক্ৰ পথেৰে চাকৰি লোৱা ৩৪ ৰাজপত্ৰিত বিষয়াক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.