গুৱাহাটী, ১৪ নৱেম্বৰঃ গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়িবলৈ সপোন পুহি ৰখা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানৰ এখন প্ৰতিচ্ছবি পৰিলক্ষিত হৈছে শুৱালকুছিত। আজি ১৪ নবেম্বৰ শিশু দিৱস, এই শিশু দিৱসৰ দিনটোতেই বস্ত্ৰনগৰী শুৱালকুছি ন কৈ গঢ়ি উঠা স্পৰ্টছ একাডেমী অব শুৱালকুছিৰ উদ্যোগত তথা শুৱালকুছি TICS ৰ সহযোগত শিশু সকলৰ মাজত খেলৰ জৰিয়তে শিশু দিৱস উদযাপন কৰে।

পুৱা শুৱালকুছি খেলপথাৰত স্পৰ্টছ একাডেমী অব শুৱালকুছি আৰু দামপুৰ ড্ৰীম ফুটবল একাডেমীৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। খেলখন উদ্বোধন কৰে কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি বাপুকন আলীয়ে। উক্ত খেলখনত দামপুৰ ড্ৰীম ফুটবল একাডেমীয়ে ১-০ গলৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। খেলখন পৰিচালনা কৰে ধৰনী দাস, তপেশ কুমাৰ আৰু লাচিত দাসে।

আনহাতে এই কাৰ্যসূচীত অন্তৰ্ভুক্ত হয় এটা পৰিৱেশ কেন্দ্ৰিক বিষয়। খেলপথাৰৰ মাজত লুপ্তপ্ৰায় এটা বৃহতাকাৰ হাড়গিলা পক্ষীৰ প্ৰতিকীৰূপ ৰাখি খেলুৱৈসকলক হাড়গিলা সংৰক্ষণৰ বিষয়ে অৱগত কৰাৰ চেষ্টা কৰে স্পৰ্টছ একাডেমী অব শুৱালকুছিয়ে।

তদুপৰি হাতে হাতে হাড়গিলা সংৰক্ষণৰ বাৰ্তা লৈ শিশু সকলে শিশু দিৱসৰ দিনটোত দিছে পৰিৱেশ ৰক্ষাৰ বাৰ্তা। এই কাৰ্যসূচী সফল ৰূপায়নত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই হাড়গিলা পক্ষী সংৰক্ষক তথা পৰিৱেশ বিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনে।
লগতে পঢ়ক: পাকিস্তানী হিন্দুলৈ দিপাৱলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ