ETV Bharat / state

ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে ফাঁচিকাঠত ওলমিছে মন্ত্ৰী-বিধায়কৰ প্ৰতিমূৰ্তি - hang on protest against cab

কেবক লৈ অশান্ত হৈছে সমগ্ৰ ৰাজ্য ৷ ক্ৰমাৎ তীব্ৰ ৰূপ লৈছে কেব বিৰোধী আন্দোলনে ৷ শিক্ষানুষ্ঠানত নিষিদ্ধ কৰা হৈছে মন্ত্ৰী বিধায়কৰ প্ৰৱেশ ৷ মন্ত্ৰী বিধায়কৰ প্ৰতিমূৰ্তি ফাঁচীকাঠত ওলোমাই ক্ষোভ উজাৰিছে ছাত্ৰ সমাজে ৷

hang on protest in all over assam against cab
ফাঁচী কাঠত গণতন্ত্ৰৰ ৰক্ষক
author img

By

Published : Dec 9, 2019, 10:19 PM IST

নিউজ ডেক্স , 9 ডিচেম্বৰঃ লোক সভাত উত্থাপন কৰা হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 ৷ বিৰোধীৰ তুমুল বিৰোধিতা সত্বেও গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত উত্থাপন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 ৷ ৰাজ্যত ক্ৰমাৎ অধিক তীব্ৰতৰ হৈছে সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীৰ ৰোষত পৰিছে মন্ত্ৰী বিধায়ক সাংসদৰ পৰা আৰম্ভ কৰি চৰকাৰী পক্ষৰ সকলো বিষয়া আমোলা ৷ সাৰি যোৱা নাই জাতিৰ সংকট কালত জাতিৰ লগত থিয় নোহোৱা শিল্পী সাহিত্যিকো ৷ ক'ৰবাত যদি প্ৰতিবাদকাৰীৰ ভয়ত স্থলপথ এৰি আকাশী পথ ল'ব লগা হৈছে মুখ্যমন্ত্ৰীয়ে ৷ কোনো ঠাইত ক'লা পতকাৰ ভয়ত আধাতে সভাকক্ষ এৰি পলাব লগা হৈছে মন্ত্ৰীয়ে ৷ ক'ৰবাত যদি প্ৰতিবাদকাৰীয়ে গৃহবন্দী কৰি ৰাখিছে জন প্ৰতিনিধিক , ক'ৰবাত ৰাজপথতেই প্ৰতিবাদকাৰীয়ে আগচিছে সংশোধনী বিধেয়কৰ সমৰ্থনকাৰী শিল্পীক ৷ ৰাজ্যৰ ঠায়ে ঠায়ে ফাঁচিকাঠত ওলমিছে চৰকাৰী মন্ত্ৰী বিধায়কৰ প্ৰতিমূৰ্তি ৷

ফাঁচী কাঠত গণতন্ত্ৰৰ ৰক্ষক

উত্তৰ পূবৰ ৰাইজৰ চৰম অসন্তুষ্টি আৰু প্ৰতিবাদ সত্বেও আজি লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আকোঁৰগোঁজ নীতিৰে উত্থাপন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ এনে পৰিস্থিতিত পৰবৰ্তী সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমত কেনেধৰণৰ পৰিস্থিতি সৃষ্টি হয় সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ ৰাজ্যজুৰি বিয়পিছে কেব বিৰোধী ঢৌঃ বিভিন্ন স্থানত দল-সংগঠনৰ সাব্যস্ত প্ৰতিবাদ

Intro:অসম বন্ধৰ মাজতে লখিমপুৰ ত নাগৰিকত্ব সংশোধন নী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আছু সদস্যৰ।

Body:লখিমপুৰ নগৰৰ মাজ মজিয়াত বিভিন্ন স্থানত আছু সদস্যই প্ৰতিকি ৰুপত ফাচী দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অতুল বৰা, ফণীভূষণ চৌধুৰী, কেশব মহন্ত , আমৃত শ্বাহক। দাহ কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিকি।

Conclusion:লখিমপুৰ ব অসম গণ পৰিসদৰ কাৰ্যালয় সমুখত সমবেত হোৱা আছু সদস্য আৰু আৰক্ষীৰ লাগিল খণ্ড যুদ্ধ। আছুৰ হুংকাৰ বলপূৰ্বক ভাবে প্ৰশাসনে মসিমুৰ কৰিব বিছৰা গণতান্ত্ৰিক আন্দোলন ক। এইয়া কোনো পদ্ধে মানি লোৱা নহব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.