ETV Bharat / state

নীতি-নিৰ্দেশনাৰ মাজেৰে মুকলি মহানগৰীৰ মছজিদ,গুৰুদ্বাৰ - জামে মছজিদ

মাস্ক পৰিধান নকৰা ভক্তৰ প্ৰৱেশ নিষেধ কৰাৰ উপৰিও ভক্তসকলৰ নাম ঠিকনা আদি পঞ্জীয়নৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। ইফালে জালুকবাৰীৰ ১নং জামে মছজিদও ৰাইজৰ বাবে মুকলি কৰা হৈছে। চৰকাৰী নীতি-নিয়ম অনুসৰি নামাজ আদায় কৰাৰ ব্যৱস্থা কৰিছে মছজিদ পৰিচালনা সমিতিয়ে। মছজিদ খোলাৰ পূৰ্বে চেনিটাইজ কৰি বীজাণুমুক্ত কৰিছে জালুকবাৰীৰ এই মছজিদটো।

Guwahati Religious places opened from today
নীতি-নিৰ্দেশনাৰ মাজেৰে মুকলি মহানগৰীৰ মছজিদ,গুৰুদ্বাৰ
author img

By

Published : Jun 8, 2020, 5:57 PM IST

গুৱাহাটী, 8 জুন : দেশত চলি আছে আনলক-১। এই সময়চোৱাত বিভিন্ন ক্ষেত্ৰত দিয়া হৈছে শিথিলতা। 75 দিনৰ অন্তত আজিৰে পৰা চৰ্তসাপেক্ষে মুকলি কৰা হৈছে ধৰ্মীয় উপাসনাস্থলীসমূহ। চৰকাৰৰ নিৰ্দেশনা অনুসৰি ভক্তৰ বাবে মুকলি কৰা হৈছে মহানগৰীৰ মন্দিৰ,মছজিদ,গুৰুদ্বাৰ । সোমবাৰে পুৱাই সাধাৰণ ৰাইজৰ বাবে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত লংকেশ্বৰ ধাম পুৱাই মুকলি কৰে মন্দিৰ পৰিচালনা সমিতিয়ে। চৰকাৰৰ সকলো নীতি নিৰ্দেশনা মানি লংকেশ্বৰ ধাম পৰিচালনা সমিতিয়ে মন্দিৰ চৌহদ চেনিটাইজ কৰি আৰম্ভ কৰে পূজা-অৰ্চনা।

নীতি-নিৰ্দেশনাৰ মাজেৰে মুকলি মহানগৰীৰ মছজিদ,গুৰুদ্বাৰ

মাস্ক পৰিধান নকৰা ভক্তৰ প্ৰৱেশ নিষেধ কৰাৰ উপৰিও ভক্তসকলৰ নাম ঠিকনা আদি পঞ্জীয়নৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে । ইফালে জালুকবাৰীৰ ১নং জামে মছজিদও ৰাইজৰ বাবে মুকলি কৰা হৈছে। চৰকাৰী নীতি-নিয়ম অনুসৰি নামাজ আদায় কৰাৰ ব্যৱস্থা কৰিছে মছজিদ পৰিচালনা সমিতিয়ে। মছজিদ খোলাৰ পূৰ্বে চেনিটাইজ কৰি বীজাণুমুক্ত কৰিছে জালুকবাৰীৰ এই মছজিদটো। লগতে লোকসকলক ঘৰতে অজু কৰি কেৱল নামাজ আদায়ৰ বাবেহে আহিবলৈ আহ্বান জনাইছে পৰিচালনা সমিতিয়ে।

লগতে পঢ়কঃ জাপানীজ এনকেফেলাইটিছঃ ৰাজ্যত এই পৰ্যন্ত চিনাক্ত তিনিজন

ইয়াৰোপৰি মাস্ক আৰু সামাজিক দুৰত্ব বজাই নামাজ পঢ়াৰ ব্যৱস্থা কৰিছে জালুকবাৰী মছজিদ পৰিচালনা সমিতিয়ে । তদুপৰি বৰাগাঁওস্থিত গুৰুদ্বাৰটো আজিৰে পৰে দুই তিনিজনকৈ ভক্ত আহিছে। ছেনিটাইজ-মাস্ক পিন্ধিহে গুৰুদ্বাৰত লোকসকলক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। মুঠৰ ওপৰত এনেদৰেই চৰকাৰৰ অনুমতি সাপেক্ষে মুকলি কৰা হৈছে ধৰ্মীয় স্থানসমূহ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.