ETV Bharat / state

Chhath Puja 2023: সমাগত ষট পূজা, তৎপৰ মহানগৰ প্ৰশাসন

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 9:24 PM IST

ষট পূজাক লৈ তৎপৰ মহানগৰ প্ৰশাসন ৷ ষট পূজাৰ বাবে প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ৷ নিশা 10 বজাৰ ভিতৰত সাংস্কৃতিক অনুষ্ঠান সামৰিব লাগিব ৷ সমিতিসমূহে ষট পূজাৰ ঘাটৰ বাবে সংশ্লিষ্ট এলেকাৰ আৰক্ষী থানাৰ পৰা অনুমতি ল'ব লাগিব ৷ এই কথা সদৰী কৰিছে অতিৰিক্ত জিলা আয়ুক্তই ৷

Chhath Puja 2023
সমাগত ষট পূজা,তৎপৰ মহানগৰ আৰক্ষী

গুৱাহাটী, 8 নৱেম্বৰ : সমাগত ষট পূজা ৷ অহা 19 আৰু 20 নৱেম্বৰ তাৰিখে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে পালন কৰিব ষট পূজা । ষট পূজাৰ উপলক্ষে সাজু হৈ উঠিছে মহানগৰ প্ৰশাসন ৷ সেয়ে বুধবাৰে কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ষট পূজাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

জিলা আয়ুক্তৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকতে ষট পূজাৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা সন্দৰ্ভত আলোচানা আৰু নীতি নিময় প্ৰস্তুত কৰে প্ৰশাসনে ৷ উক্ত বৈঠকত উপস্থিত আছিল কেইবাগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়া, চক্ৰ বিষয়া, পৌৰ নিগমৰ বিষয়াৰ লগতে বিভিন্ন বিভাগৰ বিষয়া আৰু ষট পূজা সমিতিৰ বিষয়ববীয়কসকল ।

উক্ত বৈঠকৰ পাচতে প্ৰশাসনে জাৰি কৰে কেতবোৰ নিৰ্দেশনা ৷ সেই নিৰ্দেশনা অনুসৰি, ষট পূজাৰ সময়ছোৱাত সমিতিসমূহে ষট পূজাৰ ঘাটৰ বাবে সংশ্লিষ্ট এলেকাৰ আৰক্ষী থানাৰ পৰা অনুমতি ল'ব লাগিব । কোনো বিপদজনক ঘাট পূজাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব । লগতে সকলো ঘাটত চি চি টি ভি লগাব লাগিব ৷ ঘাটসমূহত পৰ্যাপ্ত পোহৰেৰে আলোকিত কৰিব লাগিব ৷ পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব ৷ পূজাৰ ঘাটৰ নামত কোনো ধৰণৰ বৰঙণি সংগ্ৰহ কৰিব নোৱাৰিব ৷ উচ্চ প্ৰাৱল্যৰ কোনো ধৰণৰ শব্দযন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব ৷ নিশা 10 বজাৰ ভিতৰত সাংস্কৃতিক অনুষ্ঠান সামৰিব লাগিব ৷ পূজাস্থলীত যাতে সুৰা বা অন্য নিচাজাতীয় সামগ্ৰী কোনেও সেৱন নকৰে বা সেৱন কৰি প্ৰৱেশ নকৰে তাৰ প্ৰতি স্বেচ্ছাসেৱকৰ জৰিয়তে বিশেষ চকু ৰাখিব লাগিব ৷

অতিৰিক্ত জিলা আয়ুক্ত হাজৰিকাই সদৰী কৰা অনুসৰি, ষট পূজাকলৈ প্ৰশাসনে জাৰি কৰা এই নিৰ্দেশনাসমূহ মানি চলাতো নিশ্চিত কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা ঘাটসমূহ পৰিদৰ্শন কৰা হ'ব ৷ ফ্লায়িং স্কোৱাৰ্ড মোতায়েন কৰা হ'ব উক্ত স্থানসমূহত ৷ ষট পূজাৰ সময়ত ক্লাষ্টাৰ ভিত্তিত এন ডি আৰ এফ আৰু এছ ডি আৰ এফ জোৱান, এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহনৰ ব্যৱস্থা ৰখা হ'ব ৷

লগতে পঢ়ক:Lachit Ghat: আৱৰ্জনা-কেমিকেলেৰে ভৰি পৰিছে লাচিত ঘাট, নিধিৰাম চৰ্দাৰৰ ভূমিকাত প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.