ETV Bharat / state

ছয় বছৰীয়া আইনী যুঁজৰ অন্তত ন্যায় পালে এটা পৰিয়ালে

2013 চনৰ 10 ফেব্ৰুৱাৰীত মহানগৰীৰ আদাবাৰীত দিন দুপৰতে সংঘটিত হত্যাকাণ্ডৰ মূল দোষীক যাৱজ্জীৱন কাৰাদণ্ড ৷

ছয় বছৰীয়া আইনী যুঁজৰ অন্তত ন্যায় পালে এটা পৰিয়ালে
author img

By

Published : Sep 20, 2019, 9:20 PM IST

গুৱাহাটী, 20 চেপ্তেম্বৰঃ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড ৷ গুৱাহাটী ছেছন কৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়দান ৷ 2013 চনৰ 10 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল উক্ত হত্যাকাণ্ডটো ৷ মহানগৰীৰ আদাবাৰীত দিন দুপৰতে ছাহিল আলী নামৰ এজন লোকে ব্যৱসায়িক কন্দলৰ বাবে গুলীয়াই হত্যা কৰিছিল চিৰাজুল আলী আহমেদ নামৰ এজন লোকক ৷ ইয়াৰ পাচতেই চিৰাজুল আলী আহমেদৰ পৰিয়ালে ন্যায় বিচাৰি জালুকবাৰী আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে 85/15 নম্বৰত এটা গোচৰ ৰুজু কৰিছিল আৰু গুৱাহাটী ছেছন কৰ্টত আৰম্ভ হৈছিল আইনী প্ৰক্ৰিয়া ৷ অৱশেষত প্ৰায় ছয় বছৰীয়া আইনী যুঁজৰ অন্তত বৃহস্পতিবাৰে দুৰ্ভগীয়া পৰিয়ালটোৱে পালে ন্যায় ৷ হত্যাকাৰী ছাহিল আলীক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে বৃহৎ পৰিমাণৰ জৰিমনা বিহে ৷

Intro:২০১৩ বৰ্ষৰ ১০ফেব্ৰুৱাৰীত সংঘটিত এটা হত্যাকাণ্ডৰ ঘটনা। ব্যৱসায়িক কণ্ডলৰ বাবেই গুলিয়াই হত্যা কৰিছিল চিৰাজুল আলী আহমেদ নামৰ লোকজনক। মহানগৰীৰ আদাবাৰীত দিনদুপৰতে ছাহিল আলী নামৰ লোকজনে সংঘটিত কৰিছিল এই ঘটনা। পিছত ন্যায় বিচাৰি আইনৰ কাষ চাপিছিল দুৰ্ভগীয়া পৰিয়ালটো। জালুকবাৰী আৰক্ষী থানাত ৮৫/১৫ নম্বৰত ৰুজু এটা গোচৰৰ ভিত্তিত চলি আছিল আইনী প্ৰক্ৰিয়া। প্ৰায় ৬ বছৰীয়া আইনী যুঁজৰ অন্ত অৱশেষত বৃহস্পতিবাৰে গুৱাহাটী ছেছন কোৰ্ট দিলে ঐতিহাসিক ৰায়। দুৰ্ভগীয়া পৰিয়ালটোৱে পালে ন্যায়। হত্যাকাৰী ছাহিল আলীক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে জৰিমনা বিহে ন্যায়ালয়ে। ন্যায়ালয়ৰ এই ৰায়দানত স্বাভাৱিকতে সুখী চিৰাজুল আলী আহমেদৰ পৰিয়াল।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.