ETV Bharat / state

আৰম্ভ হ'ল গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ - শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ । তৃতীয় বাৰৰ বাবে আৰম্ভ হোৱা চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী নৱ কুমাৰ দলে, অভিনেতা আদিল হুছেইন, ছবি পৰিচালক মধুৰ ভাণ্ডাৰকাৰ আৰু মুখ্য অতিথি হিচাপে পোলেণ্ডৰ ছবি নিৰ্মাতা ক্ৰিষ্টোফি জানুচিকে আদি কৰি বহুকেইজন ।

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ
author img

By

Published : Nov 1, 2019, 12:45 AM IST

গুৱাহাটী, 31 অক্টোবৰঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ । গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পোলেণ্ডৰ ছবি নিৰ্মাতা ক্ৰিষ্টোফি জানুচি ৷ মমবাটি প্ৰজ্বলনেৰে মহোৎসৱ উদ্ধোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী নৱ কুমাৰ দলে, অভিনেতা আদিল হুছেইন, ছবি পৰিচালক মধুৰ ভাণ্ডাৰকাৰকে আদি কৰি বহুকেইজন ।

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

অসমৰ ভোৰতাল নৃত্যৰে আৰম্ভনি কৰা হয় তৃতীয় বাৰ্ষিক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ । মহোৎসৱত উপস্থিত থকা সকলোকে আদৰণি জনায় পবিত্ৰ মাৰ্ঘেৰিটাই । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হোৱাটো অসমীয়া ছবি জগতৰ বাবে এক শুভ লক্ষণ বুলি জানিবলৈ দিয়ে । অসমৰ মনোমোহা পৰিবেশে ছবি নিৰ্মাতা সকলক আকৃষ্ট কৰিব বুলি কোৱাৰ লগতে অসমৰ সুপ্ত প্ৰতিভাই এখন আন্তঃৰাষ্ট্ৰীয় মঞ্চ পাবলৈ সক্ষম হ'ব বুলি মত পোষণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুখ্যমন্ত্ৰী

প্ৰথমবাৰৰ বাবে অসমলৈ অহা ছবি নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰে অসমৰ প্ৰাকৃতিক পৰিৱেশ, সংস্কৃতিৰ লগতে খাদ্য সম্ভাৰৰ প্ৰতি আকৰ্ষিত হোৱাৰ কথা জানিবলৈ দিয়ে । তেওঁ কয় যে অসমত প্ৰতিভাৰ অভাৱ নাই ।

ছবি পৰিচালক মধুৰ ভাণ্ডাৰকাৰ

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অসমত তৃতীয় বাৰৰ বাবে অনুষ্ঠিত হোৱাত আদিল হুছেইনে সন্তুষ্টি প্ৰকাশ কৰিছে । অসমত ভাল ছবি নিৰ্মাণ হোৱাৰ লগতে ৰিমা দাসৰ ছবিক লৈ গৌৰৱ বোধ কৰে তেওঁ । তেওঁ কয় যে, মানুহে ভাল ছবি চাব লাগে । লগতে বাণিজ্যকভাবে সফল ছবি ৰত্নাকৰক শুভেচ্ছা জনোৱাৰ লগতে ছবিখন চোৱাৰ সুযোগ এতিয়া লৈ লাভ কৰা নাই বুলি জানিবলৈ দিয়ে তেঁও ।

উল্লেখযোগ্য যে, 31 অক্টোবৰৰ পৰা আৰম্ভ হোৱা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসত অহা 6 নৱেম্বৰ লৈ প্ৰতি দিনে 16 খন ছবি উপভোগ কৰিবলৈ পাব দৰ্শকে ।

Intro: শ্ৰীমন্ত শংকৰদেৱ কোলাক্ষেত্ৰত আজিৰে পৰা আৰম্ভ হল গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱ। তৃতীয় বাৰৰ বাবে আৰম্ভ হোৱা ফিল্ম মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী নৱ কুমাৰ দলে অভিনেতা আদিল হুছেইন , ছবি পৰিচালক মধুৰ ভাণ্ডাৰকাৰৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে পোলেণ্ডাৰ ছবি নিৰ্মাতা ক্ৰিষ্টোফি জানুচিকে আদি কৰি বহুকেইজন গণ্য মান্য বিশিষ্ট ব্যক্তি।

Body: উদ্বোধনী অনুষ্ঠানৰ প্ৰথমেই দেশ বিদেশৰ বিশিষ্ট ব্যক্তি সকলৰ মনোৰঞ্জন বাবে অসমৰ ভোৰতাল নৃত্যৰ প্ৰদৰ্শিত কৰা হয় আৰু তাৰ পিছতেই মমবাটি প্ৰজ্বলনেৰে অনুষ্ঠান শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীৰ লগতে বিশিষ্ট ব্যক্তি সকলে। এই অনুষ্ঠানত আদৰণি ভাষনেৰে উপস্থিত সমূহ বিশিষ্ট ব্যক্তি সকলক আদৰণি জনায় পবিত্র মাৰ্ঘেৰিটাই।
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱ অনুষ্ঠিত হোৱাটো অসমীয়া ছবি জগতৰ বাবে এক শুভ লক্ষণ বুলি জানিবলৈ দিয়ে। অসমৰ মনোমোহা পৰিবেশে ছবি নিৰ্মাতা সকলক আকৃষ্ট কৰিব বুলি আশাবাদী বুলি কোৱাৰ লগতে অসমৰ সুপ্ত প্ৰতিভাই এখন আন্তঃৰাষ্ট্ৰীয় মঞ্চ পাবলৈ সক্ষম হব বুলি মত পোষণ কৰে।

bite:- সৰ্বানন্দ সোনোৱাল

প্ৰথম বাৰৰ বাবে অসমলৈ অহা ছবি নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰে অসমৰ প্ৰাকৃতিক পৰিৱেশ, সংস্কৃতিৰ লগতে খাদ্য সম্ভাৰৰ প্ৰতি আকৰ্ষিত হোৱাৰ কথা জানিবলৈ দিয়ে। লগতে তেওঁ কয় যে অসমত প্ৰতিভাৰ অভাৱ নাই ।

Bite:- মধুৰ ভাণ্ডাৰকাৰ।

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱ অসমত তৃতীয় বাৰৰ বাবে অনুষ্ঠিত হোৱাত অসমৰ গৌৰৱ আদিল হুছেইন সন্তুষ্টি প্ৰকাশ কৰিছে। অসমত ভাল ছবি নিৰ্মাণ হোৱাৰ লগতে ৰিমা দাসৰ ছবিক লৈ গৌৰৱ বোধ কৰে তেওঁ। তেওঁ কয় যে মানুহে ভাল ছবি চাব লাগে । লগতে বাণিজ্য ক ভাবে সফল ছবি ৰত্নাকৰক শুভেচ্ছা জনোৱাৰ লগতে ছবি খন চোৱাৰ সুযোগ এতিয়া লৈ লাভ কৰা নাই বুলি জানিবলৈ দিয়ে।

bite:- আদিল হুছেইন।

Conclusion:31 অক্টোবৰৰ পৰা আৰম্ভ হোৱা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসত প্ৰতি দিনে 16 খন ছবি উপভোগ কৰিবলৈ পাব অহা 6 নৱেম্বৰ লৈ দৰ্শকে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.