ETV Bharat / state

শিল-বালিৰ অবৈধ খনন : চৰকাৰলৈ জাননী প্ৰেৰণ উচ্চ ন্যায়ালয়ৰ - government

ৰাজ্যৰ বন, ভূতত্ব আৰু খনি বিভাগৰ লগতে মুখ্য সচিবলৈ পুনৰ জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ ৰাজ্যত অবৈধ শিল-বালি খনন সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ৷

debabrat saikia
দেৱব্ৰত শইকীয়া
author img

By

Published : Feb 11, 2021, 6:43 PM IST

Updated : Feb 11, 2021, 6:54 PM IST

গুৱাহাটী,11 ফেব্ৰুৱাৰী : আদালত অৱমাননাৰ এক গোচৰত ৰাজ্যৰ বন, ভূতত্ব আৰু খনি বিভাগৰ লগতে মুখ্য সচিবলৈ এক জাননী জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ উল্লেখ্য যে, ৰাজ্যত অবৈধ শিল-বালি খনন সন্দৰ্ভত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ৰুজু কৰা এক গোচৰত উচ্চ ন্যায়ালয়ে পূৰ্বতে দিয়া ৰায় অমান্য কৰাৰ অভিযোগত অভিযুক্ত হৈছে ৰাজ্য চৰকাৰ ।

ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট পক্ষলৈ জাৰি কৰিছে এক জাননী ৷ দেৱব্ৰত শইকীয়াই পূৰ্বতে অবৈধ শিল-বালি খনন সন্দৰ্ভত ৰুজু কৰা গোচৰটোৰ ৰায়দান দি আদালতে 2020 চনৰ জানুৱাৰী মাহৰ ভিতৰত ৰাজ্য চৰকাৰক বন আৰু খনিজ সম্পদৰ অবৈধ খনন ৰোধিবলৈ এটা টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ দিছিল ৷

কিন্তু চৰকাৰে সেই নিৰ্দেশৰ প্ৰতি কানসাৰ নিদিয়াৰ বাবেই পুনৰ জাননী প্ৰেৰণ কৰিছে উচ্চ ন্যায়ালয়ে ৷

লগতে পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক নিলম্বন

Last Updated : Feb 11, 2021, 6:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.