ETV Bharat / state

সাংবাদিকৰ মাজত মাক্স বিতৰণ হায়াত হাস্পতালৰ

author img

By

Published : Apr 23, 2020, 7:53 PM IST

গুৱাহাটী মহানগৰীৰ আগশাৰীৰ ব্যক্তিগত চিকিৎসালয় হায়াত হাস্পতালে বৃহস্পতিবাৰে সাংবাদিকসকলৰ মাজত ছেনিটাইজাৰ আৰু মাক্স প্ৰদান কৰে ৷ লগতে সাংবাদিক সকলক সুৰক্ষিত হৈ থাকিবলৈ কিছু পৰামৰ্শও আগবঢ়ায় হাস্পতাল কৰ্তৃপক্ষই ৷

সাংবাদিকৰ মাজত মাক্স বিতৰণ হায়াত হাস্পতালৰ
সাংবাদিকৰ মাজত মাক্স বিতৰণ হায়াত হাস্পতালৰ

গুৱাহাটী, 23 এপ্ৰিল : মহামাৰী কৰ'ণাৰ আতংকৰ মাজতো প্ৰতিদিনে সামাজিক দায়বদ্ধতাৰে ৰাইজৰ সেৱাত বৰ্তি আছে সাংবাদিকসকল। সাংবাদিক সকলৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি গুৱাহাটী মহানগৰীৰ আগশাৰীৰ ব্যক্তিগত চিকিৎসালয় হায়াত হাস্পতালে বৃহস্পতিবাৰে সাংবাদিক সকলৰ মাজত কিছু সামগ্ৰী বিতৰণ কৰে।

গুৱাহাটী প্ৰেছ ক্লাৱত হাস্পতাল কৰ্তৃপক্ষই প্ৰায় ২০০ জন সাংবাদিকৰ মাজত বিতৰণ কৰে ছেনিটাইজাৰ আৰু মাক্স । হাস্পতালখনৰ ফালৰ পৰা সামগ্ৰীসমূহ বিতৰণ কৰে কাৰ্যবাহী সঞ্চালক অয়স্কান্ত চক্ৰৱৰ্তী আৰু মহাপ্ৰৱন্ধক পৰাগজ্যোতি দত্তই । এই সামগ্ৰীসমূহ বিতৰণ কৰাৰ উপৰিও সাংবাদিকসকলক সুৰক্ষিত হৈ থকাৰ ক্ষেত্ৰত কিছু পৰামৰ্শ আগবঢ়ায় ।

লগতে হাস্পতালখনে নিজাকৈ প্ৰস্তুত কৰা ২০০টা হেড গেয়াৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা কৰ্মীসকলৰ মাজত বিতৰণ কৰাৰ কথাও জানিবলৈ দিয়ে হাস্পতালখনৰ কাৰ্যবাহী সঞ্চালক অয়স্কান্ত চক্ৰৱৰ্তীয়ে ।

লগতে পঢ়ক : মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰদেৱৰ আজি ৪২২ সংখ্যক তিৰোভাৱ তিথি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.