গুৱাহাটী,৬ মে' : ক'ভিডৰ দুবছৰীয়া ত্রাসৰ পাছত গুণোৎসৱ অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগ । বিগত সময়চোৱাত সুদীৰ্ঘ সময় ক'ভিড পৰিস্থিতিৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ আছিল । বৰ্তমান নিয়মীয়াকৈ পাঠদান চলি আছে । সেয়ে গুণোৎসৱ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে (Gunotsav to be held again in Assam)।
১১ মে'ৰ পৰা আৰম্ভ হ'ব বিদ্যালয়ৰ গুণোৎসৱ আৰু তিনিটা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব (Gunotsav will be held from May 11)। ১১ মে'ৰ পৰা ১৪ মে' লৈ ১১ খন জিলাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব । প্ৰথম পৰ্যায়ত বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজী, ডিব্ৰুগড়, গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আংলং, নগাঁও আৰু নলবাৰীত অনুষ্ঠিত হ'ব গুণোৎসৱ । আনহাতে ২৩ মে'ৰ পৰা ২৬ মে' লৈ দ্বিতীয় পৰ্যায়ত ১১ জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব ।

দ্বিতীয় পৰ্যায়ত হ'ব বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাছাৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাত । সেইদৰে ১ জুনৰ পৰা ৪ জুনলৈ তৃতীয় পৰ্যায়ত ১১ খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব । তৃতীয় পৰ্যায়ত বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাছাও, যোৰহাট, কামৰূপ মহানগৰ, লখিমপুৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলঙত গুণোৎসৱ অনুষ্ঠিত হ'ব ।
লগতে পঢ়ক :উখল মাখল বৰগছ: কাজিৰঙাত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক