গুৱাহাটী, ২২ মে': শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা পঞ্চদশ অসম বিধানসভাৰ প্ৰথম অধিবেশনৰ দ্বিতীয় দিনা অৰ্থাৎ আজি সদনত ৰাজ্যপাল জগদীশ মুখীয়ে ভাষণ প্ৰদান কৰিব । নৱগঠিত পঞ্চদশ বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিধায়কসকলক উদ্দেশ্যি সদনত প্ৰথমটো ভাষণ আগবঢ়াব ৰাজ্যপাল গৰাকীয়ে ।
ইতিমধ্যে সদনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত শুকুৰবাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে বিশ্বজিৎ দৈমাৰীক আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰাৰ লগতে নৱনিৰ্বাচিত বিধায়ক সকলেও শপত গ্ৰহণপৰ্ব সম্পূৰ্ণ কৰিছে । শনিবাৰে বিয়লি তিনি বজাৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ দ্বিতীয় দিনৰ কাৰ্যক্ৰমণিকা । দেওবাৰলৈ অৰ্থাৎ অধিবেশনৰ অন্তিম দিনা সদনত অনুষ্ঠিত হ’ব ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক ।
লগতে পঢ়ক : জুন মাহৰ পৰা সুলভ হ’ব ক’ভিডৰ প্ৰতিষেধক : স্বাস্থ্যমন্ত্ৰী