ETV Bharat / state

Fertilizer scam in Assam: CID ৰ অভিযানত ৯ জন গ্ৰেপ্তাৰ - many people arrested

ৰাজ্যত ৰাজ সাহায্যযুক্ত সাৰ যোগানৰ নামত ব্যাপক অনিয়ম ৷ ৰাজ সাহায্যৰ সাৰ যোগানৰ নামত সংঘটিত অনিয়ম বন্ধ কৰাৰ বাবে বহুকেইটা ব্যৱসায়িক প্রতিষ্ঠানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি কৃষি বিভাগে অভিযান স্থবিৰ কৰাৰ সময়তে অপৰাধ নিয়ন্ত্ৰণ শাখাই (CID) অভিযান চলাই ধৰা পেলাইছে ব্যাপক অনিয়ম (Government subsidized fertilizer scam) । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলিত মাহত CIDয়ে ৰাজ্যখনৰ জিলাই জিলাই অভিযান চলায় । CIDৰ কেইবাটাও গোটে পৃথকে পৃথকে এই অভিযান অব্যাহত ৰাখিছে ।

9 arrested in cid operation
CIDৰ অভিযানত ৯ জন গ্ৰেপ্তাৰ
author img

By

Published : Mar 23, 2022, 4:18 PM IST

গুৱাহাটী,২৩ মার্চ: ৰাজ্যত ৰাজ সাহায্যযুক্ত সাৰৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হৈছে (Government subsidized fertilizer scam in Assam) । সেই কথা CIDৰ অভিযানত পোহৰলৈ আহিছে । লক্ষণীয় বিষয় যে ৰাজ সাহায্যৰ সাৰ যোগানৰ নামত সংঘটিত অনিয়ম বন্ধ কৰাৰ বাবে কেইটামান ব্যৱসায়িক প্রতিষ্ঠানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি কৃষি বিভাগে অভিযান স্থবিৰ কৰাৰ সময়ত CIDয়ে অভিযান চলাই ব্যাপক অনিয়ম ধৰা পেলাইছে ।

ৰাজ সাহায্যৰ সাৰ নিৰ্ধাৰিত দৰতকৈ অধিক দৰত বিক্ৰী কৰা ৯ জন ব্যৱসায়ীক ইতিমধ্যে চি আই ডিয়ে গ্রেপ্তাৰ কৰি নিজৰ জিম্মাত লৈছে (Many people arrested by CID) । উল্লেখ যে ৰাজ সাহায্যৰ সাৰ যোগানৰ নামত সংঘটিত ব্যাপক অনিয়ম বন্ধ কৰাত কৃষি বিভাগ ব্যর্থ হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে চি আই ডিক তদন্তৰ নিদের্শ দিছিল । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলিত মাহত CIDয়ে ৰাজ্যখনৰ জিলাই জিলাই অভিযান চলায় ।

fertilizer corruption 9 arrested in cid operation
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলিত মাহত CIDয়ে ৰাজ্যখনৰ জিলাই জিলাই অভিযান চলায় ।

CIDৰ কেইবাটাও গোটে পৃথকে পৃথকে এই অভিযান এতিয়াও অব্যাহত ৰাখিছে । তদন্তকাৰী সংস্থাটোৰ অধীক্ষকে এক বিবৃতি যোগে জনাই যে মৰিগাঁও, কামৰূপ, দৰং, কাছাৰ, গোৱালপাৰা আদি জিলাত অভিযান চলাই ৰাজ সাহায্যৰ সাৰ যোগানত অনিয়ম সংঘটিত কৰা ৯ জন লোকক গ্রেপ্তাৰ কৰা হৈছে ।

ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ৪২০, ৪৬৮ ধাৰাত চি আই ডিয়ে গোচৰ ৰজু কৰি জিম্মাত লোৱা ব্যৱসায়ী কেইজনক জেৰা অব্যাহত ৰাখিছে । CIDয়ে ৰাজ্যৰ কেইবাখনো জিলাত সাৰ ব্যৱসায়ীৰ বিৰুদ্ধে চলোৱা এই অভিযানত ব্যাপক অনিয়ম ধৰা পৰাৰ কথা প্রকাশ কৰিছে ।

চৰকাৰী নির্দেশনা অনুসৰি ৰাজ সাহায্যৰ প্রতিবেগ ইউৰিয়া সাৰ ২৬৬ টকাত বিক্ৰী কৰিব লাগে যদিও একাংশ ব্যৱসায়ীয়ে ৩৫০ টকাৰ পৰা ৪৫০ টকাকৈ বিক্ৰী কৰা বুলি চি আই ডিৰ অভিযানত ধৰা পৰিছে । উল্লেখ যে ৰাজ সাহায্যৰ সাৰ বিক্ৰীৰ নামত সংঘটিত অনিয়ম প্রায় বন্ধ হোৱা বুলি কৃষি মন্ত্রী অতুল বৰাই অসম বিধানসভাত শেহতীয়াকৈ সদৰি কৰিছিল ।

কিন্তু আশ্চৰ্যকৰ কথা যে বিভাগীয় মন্ত্ৰীৰ এই দাবীৰ পৰিৱর্তে সাৰৰ একাংশ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীয়ে নীতি-নিয়ম উলংঘন কৰি সাৰ বিক্ৰী কৰি থকাটো চি আই ডিৰ অভিযানত ধৰা পৰে। সম্প্রতি চি আই ডিয়ে তদন্ত অব্যাহত ৰাখিছে । চি আই ডিৰ তদন্তত অনিয়মৰ সৈতে জড়িত আৰু অধিক সংখ্যক ব্যৱসায়ী ধৰা পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: পুষ্কৰ সিং ধামীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ ৰাওনা হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.