গুৱাহাটী, 19 ছেপ্টেম্বৰ : বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনায় শনিবাৰে এখন স্মাৰকপত্ৰ দাখিল কৰে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে । হিন্দুত্ববাদী বৰাই বিভিন্ন সময়ত ইছলাম ধৰ্ম সন্দৰ্ভত নানা অপমানসূচক মন্তব্য কৰি আহিছে । শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সভা অনুষ্ঠিত কৰি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি অভিযোগ উঠিছে বিতৰ্কিত সত্যৰঞ্জনৰ বিৰুদ্ধে ।
যাৰ বাবে পুনৰ আইনৰ কাষ চাপিছে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদ । পশ্চিম গুৱাহাটী উপ আৰক্ষী আয়ুক্তৰ জৰিয়তে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে । সংগঠনটোৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি মকবুল হুছেইনৰ অভিযোগ, সত্যৰঞ্জনক বিতৰ্কিত মন্তব্য কৰা কাৰ্যত লগাইছে বিজেপিয়ে । এই কাৰ্যত চৰকাৰৰ সহযোগিতা থকাৰ অভিযোগ সংগঠনটোৰ । যাৰ বাবে থানাই থানাই গোচৰ থকাৰ পিচতো আৰক্ষীয়ে তথাকথিত ব্যক্তিগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাহস নকৰে ।
ইয়াৰ লগতে আইন বিৰোধী আৰু সংবিধান বিৰোধী মন্তব্য কৰি সমগ্ৰ ৰাজ্যতে গোষ্ঠী সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰা কাৰ্যত সত্যৰঞ্জন বৰাক চৰকাৰ তথা আৰক্ষীয়ে সহযোগিতা আগবঢ়াই আছে বুলি অভিযোগ কৰে সংগঠনটোৰ নেতৃত্বই । ইফালে বিজেপি বিৰোধীসকলক সামান্য কথাৰ বাবেই কঠোৰ আইন প্ৰয়োগ কৰা আৰক্ষী এনে ব্যক্তিৰ বিৰুদ্ধে কিয় মৌন বুলিও প্ৰশ্ন কৰে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে । শীঘ্ৰেই সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে সংগঠনটোৱে আইন হাতত তুলি লোৱাৰো হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়ক : মূল্যবৃদ্ধি ৰোধৰ দাবীৰে নাৰেংগীত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ